গুৱাহাটীঃ বিগত দিনকেইটাৰ দৰেই বৃহস্পতিবাৰেও ক’ৰোনা ভাইৰাছত সংক্ৰমিত কেইবাজনো লোক মৃত্যুমুখত পৰিছে৷ বিগত ২৪ ঘণ্টাত ৪গৰাকী ক’ৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে৷ বাক্সা জিলাৰ সৰস্বতী নাথ (৫৬), ডিব্ৰুগড় জিলাৰ অৰবিন্দ মেধি (৬৫), দৰং জিলাৰ হাচান আলী (৫৯), কামৰূপ মহানগৰ জিলাৰ ধনেশ্বৰ তালুকদাৰ (৪৬) মৃত্যুমুখত পৰে৷
ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিদিনে ক’ৰোনাৰ পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰিছে৷ সমানে ক’ৰোনা ভাইৰাছ সংক্ৰমিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ২০৩৬গৰাকী ৰোগী নতুনকৈ ধৰা পৰিছে৷ বৃহস্পতিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৫,৩৯৫টা টেষ্ট কৰিছে৷ ইয়াৰে ২০৩৬গৰাকী ৰোগী পজিটিভ ধৰা পৰিছে৷ পজিটিভ ৰোগীৰ সংখ্যা ৫,৭৫ শতাংশ৷
বৃহস্পতিবাৰৰ দিনটোত ধৰা পৰা ২০৩৬গৰাকী ৰোগীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৪৮১, যোৰহাটৰ ১৪৬, ডিব্ৰুগড় জিলাৰ ১২৯ আৰু হাইলাকান্দি জিলাৰ ১১০গৰাকী ৰোগী আছে৷ ইয়াল লগে লগে ৰাজ্যত ৯৮,৮০৭গৰাকীলৈ বৃদ্ধি পাইছে মুঠ ৰোগীৰ সংখ্যা৷ সুস্থ হৈছে ৭৬,৯৬২গৰাকী ৰোগী৷ বৰ্তমান ২১,৫৬৪গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ২৭৮গৰাকী ৰোগী মৃত্যুমুখত পৰিছে৷