গুৱাহাটীঃ কৰ’নাতংকৰ মাজতে অসমবাসীলৈ আহিছে সুখবৰ। সোমবাৰৰ দিনটোত ৯২ জনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক আৰোগ্য হৈছে বুলি ঘোষণা কৰা হয়।
দুবাৰকৈ কোভিড টেষ্টত নিগেটিভ অহাৰ পাছত আৰোগ্য ঘোষণা হয় লোক কেইজনক।
আৰোগ্য লাভ কৰা ৰোগীকেইজনৰ ৪৬জন কালাপাহাৰৰ, ২২জন এমএমচিএইচৰ, ১৩জন টিএমচিৰ, ৭জন জেএমচিএইছৰ, ২জন এফএএএমচিএইৰচ, ১জন এছএমচিএইচৰ আৰু ১জন এএমচিএইছৰ।
উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত ২৭৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে চিকিৎসাধীন হৈ আছে ১১০৬ জন।