নাজিৰাঃ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাকযুদ্ধ তুংগত উঠিছে৷ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰাৰ বাট-পথৰ অৱস্থাৰ কথা উনুকিয়াই তীব্ৰ সমালোচনা কৰিছিল দেৱব্ৰত শইকীয়াক৷ তাৰ পিছতে বিজেপি নেতা ৰাজেন গোহাঁইক প্ৰত্যুত্তৰ দি দেৱব্ৰত শইকীয়াই
নাজিৰা সমষ্টিৰ বাট-পথৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে মোক জগৰীয়া কৰাটো হাস্যকৰ বুলি কয়৷ ইমানে নহয় শইকীয়াই নিৰ্বাচনৰ আগত ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ ৰাজেন গোহাঁয়ে নাজিৰালৈ আহিছে বুলি কটুক্তি কৰে৷
দেৱব্ৰত শইকীয়াই কয় যে তেওঁ নিজে এজন কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। গতিকে তেওঁ ভালদৰে জানে চৰকাৰৰ কাম কাজ কেনেকৈ পৰিচালিত হয়। ৰাজ্যৰ সামগ্ৰিক বিকাশ তথা উন্নয়নৰ দায়িত্ব শাসনাধিষ্ট দল তথা চৰকাৰৰ হাতত থাকে। আমি বিৰোধী দলে বিধানসভাত বিভিন্ন উন্নয়নমূলক আলোচনাত ভাগ লও আৰু চৰকাৰে যেতিয়া পুঁজি আৱণ্টন বিচাৰে বিভিন্ন উন্নয়নমূলক কামৰ বাবে যেনে- চিকিৎসালয়, শিক্ষানুষ্ঠান, বাট-পথ নিৰ্মাণৰ বাবে, দৰমহা দিবৰ বাবে তথা গাঁও আৰু নগৰৰ উন্নয়নৰ বাবে আমি সেই পুঁজিসমূহ আলোচনাৰ পিছত চৰকাৰৰ হাতত সপি দিওঁ।
এতিয়া সেই পুঁজিৰে তেওঁলোকে বাট-পথৰ উন্নয়ন কৰিছে নে দুৰ্নীতি কৰিছে সেয়া তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। যদিও অসমৰ ৰাইজে ভালকৈ জানে বিকাশৰ নামত গাঁও অঞ্চলত কেনেকৈ চলি আছে বিনাশৰ অতপালি। এতিয়া এইটো এটা সাধাৰণ বিষয় হৈ পৰিছে যে, মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিমুক্ত অসমৰ কথা কয় কিন্তু বিজেপি দলৰ বিভিন্ন দুৰ্নীতিৰ খবৰে বাতৰি-কাকতৰ শিৰোনাম দখল কৰে।
শইকীয়াই নাজিৰা সমষ্টিৰ বাট-পথৰ কথা উল্লেখ কৰি মোক আক্ৰমণ কৰা কাৰ্য হাস্যকৰ বুলি কৈ ৰাজেন গোঁহায়ে তেওঁলোকৰ দলৰ ৰাজনৈতিক প্ৰচাৰৰ বাবে আহি নাজিৰাৰ বাট-পথ সমূহৰ উন্নয়ন নোহোৱা বুলি মোক জগৰীয়া কৰিছে। যি একেবাৰে হাস্যকৰ। তেওঁ কিয় পাহৰি গৈছে- মন্ত্ৰী হৈ থাকোঁতে ২ আগষ্ট,২০১৬ত নাজিৰা মহকুমাৰ শিমলুগুৰি জংচনটোত ৰাজধানী ৰেল নিয়মীয়াকৈ ৰখাব পৰাকৈ এক ব্যৱস্থা কৰাই দিবলৈ পত্ৰ লিখি অনুৰোধ কৰিছিলো। অকল তেওঁয়ে নহয় সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী ৰামেশ্বৰ তেলীকো মই পত্ৰ লিখি এই বিষয়ে অনুৰোধ জনাইছিলোঁ। কিন্তু শাসনত থকাৰ পিছতো শিৱসাগৰ জিলাৰ ৰাইজৰ বাবে তেওঁলোকে সেই নূন্যতম কামটোও কৰি দিবলৈ সক্ষম নহ’ল আৰু এতিয়া নিৰ্বাচনৰ আগত উন্নয়নৰ কথা কৈ ঘঁৰিয়ালৰ চকুপানী টুকিবলৈ অহাটো অশোভনীয়। সেয়েহে উদ্দেশ্য প্ৰৰোচিত ভাৱে যিকোনো মন্তব্যৰে মাত্ৰ ৰাজনীতি কৰিবলৈ নাজিৰালৈ নাহিবলৈ সকিয়াই দিয়ে দেৱব্ৰত শইকীয়াই৷