কামপুৰঃ ৰাজহুৱা শ্মশানৰ ভূমি বিবাদক কেন্দ্ৰ কৰি নগাৱৰ ৰজাগাৱৰ মাখন বস্তিত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। অঞ্চলটোৰ দুই শতাধিক ৰাইজে সমদল উলিয়াই ‘আমাৰ শ্মশান লাগিবই’, ‘পূজা ৰায় হায় হায়’, ‘উত্তম ৰায়ৰ গুণ্ডাগিৰি নচলিব’ আদি শ্ল’গানেৰে মাখন গাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।
উল্লেখ্য যে এটা পৰিয়ালে মাখন বস্তিৰ শ্মশান গৃহ নিৰ্মাণৰ বাবে ৰখা ইটা, ৰড, চিমেন্ট আৰু টিঙৰ চালি লণ্ড ভণ্ড কৰি পানীত পেলাই দিয়ে৷ ১৯৪২ চনৰ পৰাই শ্মশান হিচাপে ব্যৱহাৰ কৰা উক্ত ঠাইত চৌহদৰ ৱাল আৰু শ্মশান ঘৰ নিৰ্মাণ কৰিবলৈ জুৰিৰপাৰ গাঁও পঞ্চায়তে চাৰি লাখ টকা আবন্টন দিয়াৰ পিচতেই দুইপক্ষৰ মাজত খণ্ড যুদ্ধ তীব্ৰতৰ হৈ পৰে৷ প্ৰায় দুই বিঘা মাটিৰ ওচৰতে থকা পূজা ৰায় নামৰ মহিলা গৰাকীৰ মাটিখিনি তেওঁলোকৰ বুলি দাবী কৰাৰ লগতে চাৰিজন লোকে মহিলা সকলক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তুলি কচুৱা থানাত গোচৰ তৰাত জাঙোৰ খাই উঠে ৰাইজ৷