March 29, 2023, 3:45 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰাজস্থান অডিঅ’ টেপ কাণ্ড, কেন্দ্ৰীয় মন্ত্ৰীয়ে কলে ‘মোৰ কণ্ঠ নহয়, তদন্তৰ বাবে সাজু’

Reporter Name
  • Update Time : Friday, July 17, 2020
  • 154 Time View

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ পতন কৰিব খোজাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এটা অডিঅ’ টেপ মুকলি কৰি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শেখাৱাট সন্মুখলৈ আহি অডিঅ’ টেপত তেওঁৰ কণ্ঠস্বৰ নাই বুলি স্পষ্ট কৰে৷ অডিঅ’ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কণ্ঠস্বৰ থকা বুলি দাবী কৰিছিল যদিও সেয়া তেওঁৰ কণ্ঠস্বৰ নহয় বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শেখাৱাটে৷ শেখাৱাটে কয় যে অডিঅ’ত সেয়া মোৰ কণ্ঠ নহয়৷ মই যিকোনো তদন্তৰ বাবে সাজু৷ মোক সোধ-পোছৰ বাবে মাতিলে মই উপস্থিত হম৷

ৰাজস্থানত কংগ্ৰেছৰ বিসম্বাদৰ মাজতে এটা অডিঅ’ টেপ চৰ্চালৈ আহিছিল৷ ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ পতন কৰিবলৈ কংগ্ৰেছৰ যুৱ নেতা তথা চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ কৰাৰ সময়তে এটা অডিঅ’ টেপ পোহৰলৈ আহে৷ ৰাজস্থান আৰক্ষীৰ অভিযান গ্ৰুপে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শেখাৱাট, কংগ্ৰেছৰ বিসম্বাদী বিধায়ক ভম্বৰলাল শৰ্মা আৰু সঞ্জয় জৈনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ এই ঘটনাৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল হৈছে৷ এই অডিঅ’ টেপত কংগ্ৰেছে পোনেপোনে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গজেন্দ্ৰ শেখাৱাট জড়িত থকা বুলি কয়৷ জানিব পৰা মতে, পোন প্ৰথমে এই অডিঅ’ টেপৰ প্ৰমাণিক অনুসন্ধান কৰিহে তদন্ত আৰম্ভ কৰিব৷

এই অডিঅ’ টেপত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গজেন্দ্ৰ শেখাৱাট আৰু কংগ্ৰেছৰ বিধায়ক সঞ্জয় সিং আৰু ভম্বৰলালৰ কণ্ঠস্বৰ বুলি কোৱা হয়৷ এই টেপৰ কথোপকথনৰ দ্বাৰা কংগ্ৰেছে ৰাজস্থানৰ জনমতৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷ কংগ্ৰেছে এই টেপ যোগে ইয়াকে প্ৰমাণ কৰিব খুজিছে যে বিজেপি দলে টকাৰ বলত ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ পতন কৰিব খুজি কংগ্ৰেছৰ বিধায়ক ক্ৰয় কৰিব খুজিছিল৷

উল্লেখ্য যে, ৰাজস্থানৰ ১৯গৰাকী বিধায়কৰ বিৰুদ্ধে ৰাজস্থান বিধানসভাৰ অধ্যক্ষই অযোগ্য ঘোষণা কৰা নহ’ব কিয় এই বিষয়ত পত্ৰ যোগে ১৭ জুলাইৰ ভিতৰত উত্তৰ বিচাৰিছিল৷ কংগ্ৰেছৰ অভিযোগ মতে, এইসকল বিধায়কে দল বিৰোধী কাৰ্যত লিপ্ত হৈছে৷ আনহাতে বিধায়কসকলে যদি উত্তৰ নিদিয়ে তেন্তে বিধানসভাৰ সদস্য পদ তথা বিধায়ক পদ কৰ্তন কৰিব বুলি কোৱাৰ পিছতে বিধায়কসকলে আদালৰ দ্বাৰস্থ হয়৷

১৩ জুলাইৰ নিশা শক্তি দেখুৱাইছিল ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে৷ প্ৰায় ১৫গৰাকী বিধায়কসহ এক বৈঠক অনুষ্ঠিত কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰে শচীন পাইলটে পন্থীয়ে৷ উক্ত বৈঠকত খোদ উপস্থিত আছিল শচীন পাইলট৷ আনহাতে উক্ত দিনটোতে দিনৰ ভাগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ১০৯গৰাকী বিধায়কসহ নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ নিজ অৱাসত মুখ্যমন্ত্ৰী অশোক গেহলটে অনুষ্ঠিত কৰা বিধায়িনী দলৰ বৈঠকত কংগ্ৰেছৰ ৩গৰাকী কেন্দ্ৰীয় নেতা উপস্থিত আছিল৷

দেওবাৰে শচীন পাইলট পন্থীয়ে শচীন পাইলটৰ সৈতে ৩০গৰাকী বিধায়ক থকাৰ লগতে অশোক গেহলেটৰ চৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি দাবী কৰিছিল৷ তাৰ পিছতে ৰাজস্থানৰ ৰাজনীতিত ধুমুহা আহে৷

উল্লেখ্য যে, অশোক গেহলেটৰ চৰকাৰৰ বিৰুদ্ধে নিজ দলৰে যুৱ নেতা তথা ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ আৰম্ভ কৰি অশোক গেহলেটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগতে তেওঁৰ সৈতে ৩০ বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰাৰ পিছৰে পৰা ৰাজস্থানত ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰা৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে