ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাত দেওবাৰে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। চম্বল নদীত পৰিল বিবাহযাত্ৰীৰ গাড়ী। নদীখন পাৰ হ’বলৈ লওঁতে কালভাৰ্টৰ পৰা নদীত বাগৰি পৰে গাড়ীখন। এই ঘটনাত নজন লোকৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি, গাড়ীখন এখন বিয়ালৈ গৈ আছিল। কোটা আৰক্ষীয়ে কয় যে গাড়ীখন চম্বল নদীত পৰাৰ পাছত নটা মৃতদেহ উদ্ধাৰ কৰা হয়। এই দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে দৰাও নিহত হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃতদেহবোৰ উদ্ধাৰ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ক্ৰেইনৰ সহায়ত নদীৰ পৰা উদ্ধাৰ কৰা হয়।