ডিজিটেল ডেস্কঃ ব্যাপক জল্পনা-কল্পনাৰ অন্তত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটসহ তিনিজন মন্ত্ৰীক পদৰ পৰা অপসাৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে কংগ্ৰেছে৷ শাসকীয় ৰাজস্থান কংগ্ৰেছে মঙলবাৰে অনুষ্ঠিত কৰা বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী শচীন পাইলট, মন্ত্ৰী বিশ্বেন্দ্ৰ সিং আৰু ৰমেশ মিণাক মন্ত্ৰী পদৰ পৰা আতৰোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিব পাৰ গৈছে৷
সোমবাৰে নিশা শক্তি দেখুৱাইছিল ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে৷ প্ৰায় ১৫গৰাকী বিধায়কসহ এক বৈঠক অনুষ্ঠিত কৰাৰ ভিডিঅ’ প্ৰচাৰ কৰে শচীন পাইলটে পন্থীয়ে৷ উক্ত বৈঠকত খোদ উপস্থিত আছিল শচীন পাইলট৷ আনহাতে সোমবাৰে দিনৰ ভাগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ১০৯গৰাকী বিধায়ক সহ নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ নিজ অৱাসত মুখ্যমন্ত্ৰী অশোক গেহলটে অনুষ্ঠিত কৰা বিধায়িনী দলৰ বৈঠকত কংগ্ৰেছৰ ৩গৰাকী কেন্দ্ৰীয় নেতা উপস্থিত আছিল৷
দেওবাৰে শচীন পাইলট পন্থীয়ে শচীন পাইলটৰ সৈতে ৩০গৰাকী বিধায়ক থকাৰ লগতে অশোক গেহলেটৰ চৰকাৰ সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি দাবী কৰিছিল৷ তাৰ পিছতে ৰাজস্থানৰ ৰাজনীতিত ধুমুহা আহে৷
সোমবাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰণদ্বীপ সুৰজেৱালাই শচীন পাইলাটৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি কৈছিল৷ কেৱল তেওঁৰ অভিযোগসমূহ দলৰ ওচৰত উপস্থাপন কৰিবলৈ আহ্বান জনায়৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ অচলাৱস্থাৰ পিছতে শচীন পাইলটক শেষ সুযোগ প্ৰদান কৰে কংগ্ৰেছে৷ কিন্তু শচীন পাইলট সহ তিনি মন্ত্ৰীক অপসাৰিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷
উল্লেখ্য যে, অশোক গেহলেটৰ চৰকাৰৰ বিৰুদ্ধে নিজ দলৰে যুৱ নেতা তথা ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ আৰম্ভ কৰি অশোক গেহলেটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগতে তেওঁৰ সৈতে ৩০ বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰাৰ পিছৰে পৰা ৰাজস্থানত ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰা৷
২০১৮ চনৰ ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল অশোক গেহলটে৷ একেটা দিনতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল শচীন পাইলটে৷ কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ সময়ত উত্তাল পৰিবেশৰ সৃষ্টি হৈছিল যদিও শচীন পাইলট আৰু অশোক গেহলটে একেলগে চৰকাৰ চলাই আছিল৷ কিন্তু দুয়োৰে মাজত ক্ষমতাৰ অৰিয়া-অৰি আৰম্ভ হৈছিল৷