ডিজিটেল ডেস্কঃ ৰাজস্থানত ৰাজনৈতিক পৰিবেশ গৰম হ’ব ধৰিছে৷ অশোক গেহলেটৰ চৰকাৰৰ বিৰুদ্ধে নিজ দলৰে যুৱ নেতা তথা ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে বিসম্বাদ আৰম্ভ কৰি অশোক গেহলেটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগতে তেওঁৰ সৈতে ৩০ বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰাৰ পিছৰে পৰা ৰাজস্থানত ৰাজনৈতিক পৰিবেশ গৰম হৈ পৰা৷
২০১৮ চনৰ ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল অশোক গেহলটে৷ একেটা দিনতে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল শচীন পাইলটে৷ কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ সময়ত উত্তাল পৰিবেশৰ সৃষ্টি হৈছিল যদিও শচীন পাইলট আৰু অশোক গেহলটে একেলগে চৰকাৰ চলাই আছিল৷ কিন্তু দুয়োৰে মাজত ক্ষমতাৰ অৰিয়াঅৰি আৰম্ভ হৈছিল৷
সেই কথা সংবাদমাধ্যমত প্ৰচাৰ হৈ আছিল যদিও দেওবাৰে নিশা সকলো স্পষ্ট হৈ পৰে৷ যেতিয়া শচীন পাইলটে অশোক গেহলটৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ লগতে তেওঁৰ সৈতে ৩০ বিধায়ক থকা বুলি দাবী কৰে৷
আনহাতে যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ২০০ আসনৰ ভিতৰত ১০৭খন আসন পোৱাৰ লগতে ২ অন্য বিধায়কৰ সমৰ্থন লাভ কৰি চৰকাৰ গঠন কৰিছিল৷ আনহাতে আজি দিনটোত কেইবাটাও ঘটনাক্ৰম হোৱাৰ দেখা যাব পাৰে৷ কংগ্ৰেছে নিশা ২ বাজি ৩০ মিনিটত সংবাদমেল অনুষ্ঠিত কৰে৷ অবিনাশ পাণ্ডে, ৰণদ্বীপ সুৰজেৱালা আৰু অজয় মাকণে সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ সৈতে ১০৯ বিধায়ক থকা বুলি দাবী কৰে।
কংগ্ৰেছে দাবী কৰা মতে, তেওঁলোকৰ সৈতে এতিয়াও ১০৯গৰাকী বিধায়ক আছে৷ আজি পুৱা ১০ বাজি ৩০ মিনিটত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব৷ ইপিনে কংগ্ৰেছ দলীয় হুইপ জাৰি কৰিছে৷ যদি কোনো বিধায়কে বৈঠকত অনুষ্ঠিত নাথাকে তেন্তে দলে অনুশাসনাত্মক ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰে৷ দলৰ সদস্যতা সমাপ্ত কৰিব বুলি স্পষ্ট কৰে৷ আজি অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত উপ-মুখ্যমন্ত্ৰী শচীন পাইলট উপস্থিত নাথাকে৷ বৰ্তমান দিল্লীত উপস্থিত থকা শচীন পাইলটে তেওঁৰ সৈতে ৩০ বিধায়ক থকা বুলি দাবী কৰে৷