March 25, 2023, 5:00 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰাজপথত স্থায়ী দোকান গৃহ নিৰ্মাণ বিজেপি নেতাৰ, বৰপেটাৰােডত প্ৰতিক্ৰিয়া

Reporter Name
  • Update Time : Saturday, September 5, 2020
  • 118 Time View

বৰপেটাৰোডঃ শাসকীয় বিজেপি দলৰ এগৰাকী নেতাই ৰাজপথত স্থানী দোকান গৃহ নিৰ্মাণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটাৰোডত৷ পৌৰসভাৰ পৰা আৱণ্টন পােৱা অস্থায়ী বজাৰ গৃহ পকী কৰি স্থায়ী ভাৱে নির্মাণ কৰিবলৈ আৰম্ভ কৰা কাৰ্যত প্রতিক্রিয়া সৃষ্টি হৈছে বৰপেটাৰোডত।

বিশেষকৈ ৰাজপথৰ দাঁতিতে পৌৰসভাৰ তদানীন্তন বর্ডে কেৱল নিজৰ মুনাফাৰ বাবে গাখীৰ বজাৰৰ বাবে ৰখা এক অস্থায়ী বজাৰ গৃহ আৱণ্টন দিয়া বিষয়টোক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে। যান-জোঁট সমস্যাৰে ভাৰাক্ৰান্ত বৰপেটাৰােডৰ পথসমূহ পূর্বৰ পৰিকল্পনা অনুসৰি বেচ আহল-বহল। যাৰ বাবে যান-জোঁটৰ সমস্যা নিয়ন্ত্রণ কৰি পথৰ একাংশত পার্কিঙৰ সুবিধা কৰাৰ সুযােগ আছে। পিছে সবিতা দেৱনাথ নেতৃত্বাধীন তদানীন্তন পৌৰ বর্ডে চহৰখনৰ মুড়ি বজাৰৰ অস্থায়ী এটি বজাৰগৃহ অতি কৌশলেৰে কেৱল এজন স্থানীয় বিজেপি নেতাৰ নামত আৱণ্টন দিয়ে।

আৱণ্টন নিবিদাৰ জৰিয়তে লাভ কৰি অস্থায়ী বজাৰ গৃহটো মেৰামতি কৰাে বুলি বৰ্তমানৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ পৰা অনুমতি লৈ বৃহৎ পকী বজাৰগৃহ নির্মাণৰ বাবে বিজেপিৰ নেতাজন উঠিপৰি লাগিছে। ফলত ৰাজপথৰ এটি বৃহৎ অংশ চিৰদিনৰ বাবে বন্ধ হৈ যােৱাৰ উপৰিও ভৱিষ্যতে এই ঠাই ডােখৰ কে’বা কোটিত যে বিক্রী হ’ব সেয়া নিশ্চিত। তদুপৰি ভৱিষ্যতে পৌৰসভাই সেই স্থানত পার্কিঙৰ ব্যৱস্থা কৰিব নােৱাৰাটো খাটাং।

আনহাতে, বিজেপিৰ নেতাজনৰ নির্মীয়মান বজাৰ গৃহৰ কাষতে ৰহস্যজনকভাৱে জনৈক বিপ্লৱ নামৰ এজন পাইকাৰী প্রতিষ্ঠিত কাপােৰ ব্যৱসায়ীয়ে এজন কমাৰৰ জৰিয়তে এটা অংশ দখল কৰি ৰাখিছে যদিও এই ক্ষেত্ৰতাে নিমাত হৈ আছে পৌৰসভা। একমাত্র ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত বৰপেটাৰােড পৌৰসভাৰ এনে নীতিয়ে যে অনাগত দিনত আন কোনে লোকে ৰাজপথত বেদখল চলাই চহৰখনৰ যান-োঁজটৰ সমস্যাক অধিক ভয়ংকৰ কৰি তুলিব সেয়া নির্ঘাত।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে