গুৱাহাটীঃ হাগ্ৰামা মহিলাৰী অকলশৰীয়া হ’ব নেকি? লাহে লাহে তেওঁৰ সংগ এৰিছে একালৰ ঘনিষ্ঠ সতীৰ্থই৷ বিগত প্ৰায় ২০ বছৰ ধৰি একেলগে কাম কৰা সতীৰ্থ সকলেও হাগ্ৰামাৰ পৰা আতৰি ফুৰিছে৷ আনটো বাদেই তেওঁৰ অতি ঘনিষ্ঠ চন্দন ব্ৰহ্ময়ো সম্প্ৰতি বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ মন মেলিছে৷
মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘনিষ্ঠ সুত্ৰৰ মতে, নিজৰ সমষ্টি বচাই ৰাখিবৰ বাবে শেষ মুহূৰ্তত ২০২১ চনৰ নিৰ্বাচনত চন্দন ব্ৰহ্মই বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে৷ ইফালে তামুলপুৰৰ বিপিএফ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দল ত্যাগ কৰি বিজেপিত যেগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ খবৰ অনুযায়ী বিপিএফ নেতা তথা মন্ত্ৰী ৰিহণ দৈমাৰীয়েও বিজেপিৰ শীৰ্ষ মহলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে৷
হাগ্ৰামা মহিলাৰীৰ লগত প্ৰমিলা ৰাণী ব্ৰহ্ম, খাম্ফা বৰগয়াৰী, সাংসদ বিশ্বজিৎ দৈমাৰীৰ বাহিৰে শক্তিশালী আন কোনো নেতা নাই বুলিয়েই একাংশই ক’ব খোজে৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই হাগ্ৰামা মহিলাৰীৰ শেহতীয়া কাম-কাজত অসন্তুষ্ট৷ বিশেষকৈ বিটিচিত ৰাজ্যপালৰ শাসন জাৰি কৰাৰ পিছত হাগ্ৰামা মহিলাৰীৰ স্থিতি আৰু বিপিএফে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা বিষয়টোৱে বিপিএফ আৰু বিজেপিৰ মাজত ব্যৱধান বঢ়াই তুলিছে৷
অহা বুধবাৰে উক্ত বিষয়ত ন্যায়ালয়ত শুনানী অনুষ্ঠিত হ’ব৷ বিপিএফৰ হৈ অধিবক্তা নিলয় দত্তই যুক্তি প্ৰদৰ্শন কৰিব৷ অৱশ্যে বিপিএফক বাদ দি বিটিচিত সক্ৰিয় হৈ থকা ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী, সন্মিলিত জনগোষ্ঠীয় সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনে ৰাজ্যপালৰ শাসনৰ সপক্ষে মত পোষণ কৰিছে৷ একাংশ ৰাজনৈতিক কৰ্মীয়ে হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ নেতা-কৰ্মীৰ বিৰুদ্ধে কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷
আশ্বৰ্যজনকভাৱে সকলো সময়তে মিডিয়াৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সক্ৰিয় হৈ থকা হাগ্ৰামা মহিলাৰী এতিয়া গৃহবন্দী হৈ পৰিছে৷ নিজৰ ঘনিষ্ঠ ব্যক্তিৰ বাহিৰে মহিলাৰীয়ে বৰ্তমান কাকো সাক্ষাৎ দিয়া নাই৷ অলপতে কোকৰাঝাৰলৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো হাগ্ৰামাৰ দেখা-সাক্ষাৎ হোৱা নাছিল বুলি জানিব পৰা গৈছে৷ হাগ্ৰামাই নিজৰ দেৱৰগাঁৱত থকা বাসগৃহতে বৰ্তমান নিজকে ৰাজনৈতিক হোম-কোৱাৰাণ্টাইন কৰি ৰাখিছে৷