ডিজিটেল ডেস্কঃ ৰাজনীতিলৈ আহিব নেকি অভিনেতা অক্ষয় কুমাৰ এইলৈ অনুৰাগীৰ মাজত চৰ্চাত থাকে অভিনেতাজন৷ শেহতীয়াকৈ ৰাইজক সচেতন কৰা ছবিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা অভিনেতা অক্ষয় কুমাৰ ৰাজনীতিলৈ অহা সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য৷ মুম্বাইৰ এটি অনুষ্ঠানত অক্ষয় কুমাৰ শেহতীয়াকৈ নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ভাঙি ধৰিছে৷ চলচিত্ৰৰ মাজেৰে সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰা অক্ষয় কুমাৰে নতুনকৈ ৪ খন বিগ বাজেটৰ ছবিৰ বাবে চুক্তিবদ্ধ হৈছে যদিও পৰিকল্পনা আছে অন্য ধৰণৰ৷ পেড মেন, টইলেট, এক প্ৰেম কথা, এয়াৰ লিফ্টআদি ছবিত সফলতা লাভ কৰা পিছত শেহতীয়াকৈ চেল্ফি, বৰে মিয়া চটে মিয়া, মিছন চিন্দেলা, হেৰাফেৰি আদি ছবিত চুক্তিবদ্ধ হোৱা অক্ষয় কুমাৰ অভিনয় কৰা ৰক্ষাবন্ধন সোনকালেই মুক্তি লাভ কৰিব৷ সাংবাদিকৰ প্ৰশ্ন আছিল আপুনি ৰাজনীতিলৈ আহিব নেকি? অক্ষয় কুমাৰে উত্তৰত কয় ৰাজনীতিলৈ নহাকৈ মই কাম কৰি আছো ৷ অভিনয়ৰ লগতে ছবি পৰিচালনা কৰাৰ পৰিকল্পনা হে আছে বুলি জনালে অভিনেতাগৰাকীয়ে৷