কোকৰাঝাৰঃ কোকৰাঝাৰত ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত দাও দাওকৈ জ্বলি উঠে একুৰা জুই। ৰাজধানী এক্সপ্ৰেছত পুৱা ১০ বাজি ৪ মিনিটত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰীসকলে চেইন টানি ট্ৰেইনখন ৰখাই দিয়ে। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ট্ৰেইনখন ৰখাই অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। ট্ৰেইনখনৰ এচি ৩ টায়াৰৰ বি-৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই। ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰা ৰাজধানী এক্সপ্ৰেছ জুই নিৰ্বাপনৰ অন্তত পুৱা ১১বাজি ৬ মিনিট গন্তব্যস্থান অভিমুখে যাত্ৰা কৰে ৰাজধানী এক্সপ্ৰেছে।