ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পিছতে প্ৰথমবাৰ আক্ৰমণক লৈ আনুষ্ঠানিক বিবৃতি দিছে ইউৰোপীয় ইউনিয়নে৷ ৰাছিয়াই ইউক্ৰেইনক কৰা আক্ৰমণক ‘বৰ্বৰ’ আখ্যা দি আক্ৰমণৰ বাবে ইউৰোপীয় ইউনিয়নে ৰাছিয়াক নতুনকৈ নিষেধাজ্ঞাৰে আঘাত কৰিম বুলি কয়৷ ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনৰ বাবে এটা নতুন সাহায্য পেকেজ প্ৰস্তুত কৰাৰো ঘোষণা কৰে৷ ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ সম্পত্তি বাজেয়াপ্ত কৰিব, বিত্তীয় বজাৰত প্ৰৱেশাধিকাৰ বন্ধ কৰিব৷ ১৯০০ জিএমটিৰ পৰা জৰুৰীকালীন ইউৰোপীয় ইউনিয়ন সন্মিলনত নিষেধাজ্ঞাৰ বিষয়ে আলোচনা কৰিব৷ ৰাছিয়াৰ বাহিনীয়ে বৃহস্পতিবাৰে ইউক্ৰেইনৰ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে আৰু ইয়াৰ উপকূলত সৈন্য অৱতৰণ কৰে৷ সংবাদ মাধ্যমই কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পূবত এক বিশেষ সামৰিক অভিযান চলোৱাৰ কতা ঘোষণা কৰাৰ পিছত আক্ৰমণ আৰম্ভ হয়৷ ইউৰোপলৈ যুদ্ধ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি পুটিন দায়বদ্ধ বুলি কৈ ইউৰোপীয় আয়োগৰ মুৰব্বী উৰসুলা ভন ডেৰ লেয়েনে কয় যে ইউৰোপীয় ইউনিয়নে তেওঁক জবাবদিহি কৰিব। এই পেকেজৰ সৈতে, আমি ৰাছিয়াৰ অৰ্থনীতিৰ কৌশলগত খণ্ডসমূহক মুখ্য প্ৰযুক্তি আৰু বজাৰত তেওঁলোকৰ প্ৰৱেশাধিকাৰ অৱৰোধ কৰি লক্ষ্য কৰিম৷ তেওঁ এক জৰুৰী কালীন বিবৃতিত কয় যে আমি ৰাছিয়াৰ অৰ্থনৈতিক আধাৰ আৰু ইয়াৰ আধুনিকীকৰণৰ সামৰ্থ্য দুৰ্বল কৰিম।