ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰে টেলিফোনিক বাৰ্তালাপ। প্ৰায় ৫০ মিনিটজুৰি চলা বাৰ্তালাপত দুয়োগৰাকী নেতাই ইউক্ৰেইনৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে পোনপটীয়া আলোচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইউক্ৰেইনৰ চুমিৰ পৰা ভাৰতীয়সকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ চুমিৰ দৰে অঞ্চলত মানৱীয় সাহায্য প্ৰদানৰ বাবে ৰাছিয়াৰ যুদ্ধ বিৰতি ঘোষণা কৰা কাৰ্যৰ প্ৰশংসা কৰে।
টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে চুমিৰ পৰা ভাৰতীয় নাগৰিকসকলক অতি সোনকালে সুৰক্ষিতভাৱে ঘূৰাই অনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।