ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পিছৰে পৰা ইউক্ৰেইনত বসবাস কৰা ভাৰতীয় লোকক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ৷ ইতিমধ্যে ২৪১ যাত্ৰীক কঢ়িয়াই অনা হৈছে দিল্লীলৈ৷ এতিয়াও কমেও ২০ হাজাৰ ভাৰতীয় আৱদ্ধ হৈ আছে ইউক্ৰেইনত৷ ইয়াৰ মাজতে আজি ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে ভাৰতীয়ৰ বাবে এটা পৰামৰ্শ জাৰী কৰিছে৷ ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে এটা পৰামৰ্শ জাৰী কৰি ইউক্ৰেইনৰ পৰিস্থিতি যথেষ্ট অনিশ্চিত বুলি কোৱা হৈছে। পৰামৰ্শত কোৱা হৈছে যে অনুগ্ৰহ কৰি শান্ত থাকক আৰু আপুনি য’তেই থাকক সুৰক্ষিত থাকক। যিসকলে কিয়েভ চহৰ ভ্ৰমণ কৰি আছে আৰু যিসকল পশ্চিম কিয়েভৰ পৰা আহিছে তেওঁলোকে বাস কৰা চহৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে।দূতাবাসে কৈছে যে নাগৰিকসকলক অধিক তথ্য আৰু পৰামৰ্শ জাৰী কৰা হ’ব। বৃহস্পতিবাৰে ১৮২ ভাৰতীয় নাগৰিকক কঢ়িয়াই নিয়া চুবাৰ ইউক্ৰেইন এয়াৰলাইনছৰ এখন বিমান ইউক্ৰেইনৰ পৰা দিল্লীত উপস্থিত হয়। তাৰ আগতে এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে ইউক্ৰেইনৰ পৰা ২৪২ জন ভাৰতীয় নাগৰিকক অনা হৈছিল।