নগৰবেৰাঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ উঠি-পৰি লাগিছে৷ তাৰ মাজতে গোৱালপাৰা জিলা টুপামাৰীত সংঘটিত হৈছে এক ভয়াবহ ঘটনা৷ ব্যস্ততাপূৰ্ণ পথেৰে ৰাইজক অৱগত নকৰাকৈ প্ৰায় ৩ কিলোমিটাৰ পথ ক’ৰোনা ৰোগীক খোজকঢ়াই নি এম্বুলেন্সত উঠোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত৷
জানিব পৰা মতে, নগবেৰাৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ জেছমিনা বেগমৰ ১০ বছৰীয়া সন্তান আল জুবাইল ভূঞা অসুস্থ হৈ পৰে৷ ফলত নমুনা পৰীক্ষা কৰা হয়৷ নমুনা পৰীক্ষা কৰাত ফলাফল পজিটিভ ধৰা পৰে। স্বাস্থ্য বিভাগৰ লোকে কিশোৰটিক চিকিৎসালয়লৈ নিবৰ বাবে যোজা চলাই বিপদত পৰে। বানৰ কৱলত পৰা নগৰবেৰাত অধিকাংশ বাট-পথ পানীৰ তলত। কেৱল নাঁৱেৰেহে নিব পৰাৰ ব্যৱস্থা আছিল৷ এটা অংশ নাঁৱেৰে নিয়াত অসুবিধাই দেখা দিয়ে৷
ফলত এটা অংশ এগৰাকী এগৰাকী আশাকৰ্মীৰ উপস্থিতিত পিঠিত গধুৰ মোনা লৈ গ্ৰাম্য পথেৰে খোজকঢ়াই নিব লগা হয় ক’ৰোনা আক্ৰান্ত কিশোৰক। তিনি কিলোমিটাৰ খোজকাঢ়ি গৈ এসময়ত ভাগৰি পৰা কিশোৰগৰাকীয়ে গছৰ তলত জিৰণি ল’ব লগা হয়৷ আনহাতে ৰাইজক অৱগত নকৰাকে নগৰবেৰাৰ ব্যস্ত ৰংগেশ্বৰী-টুপামাৰী পথেৰে এইদৰে ক’ৰোনা আক্ৰান্তক মুকলিভাৱে খোজকঢ়াই নিয়া কাৰ্যত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজ৷
টুপামাৰীলৈ এম্বুলেন্স আহিব নোৱাৰাৰ ফলত ব্যস্ত পথেৰে ৩ কিলোমিটাৰ পথ খোজকঢ়াই নিয়াত ৰাইজৰ আপত্তি নাছিল যদিও প্ৰশাসনে পূৰ্বে ৰাইজক অৱগত কৰিব লাগিছিল বুলি কয় ৰাইজে৷
প্ৰথমে খোজকাঢ়ি তাৰ পিছত আধাঘণ্টা সময় নৌকাত উঠাই নগৰবেৰালৈ লৈ যোৱা হয় কিশোৰক। স্বাস্থ্য বিভাগে নগৰবেৰাৰ পৰা এম্বুলেন্সে যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে আতংকিত হৈছে ৰাইজ। উল্লেখ্য যে, কোনো ভ্ৰমণ ইতিহাস নথকা কিশোৰৰ দেহত কোৱিড-১৯ পজিটিভ ধৰা পৰে৷