বেবেজীয়াঃ দক্ষিণ-পশ্চিম নগাঁৱৰ ঐতিহ্যমণ্ডিত তথা শতবৰ্ষ গৰকা শিক্ষানুষ্ঠান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এখন বিদায় সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ অধ্যক্ষ বিজয়লক্ষ্মী শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত বিদ্যালয়খনৰ তিনিগৰাকী কৃতী শিক্ষক দেৱজ্যোতি বৰুৱা, নিকুঞ্জ মেধি আৰু ইলা বৰদলৈক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীবৃন্দই। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্টাফ কাউন্সিলৰ সম্পাদক চন্দনজ্যোতি ভূঞাই আঁত ধৰা তথা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বহুকেইজন অধ্যক্ষ আৰু শিক্ষক-কৰ্মচাৰী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত বিদায়ী শিক্ষক কেইজনৰ শিক্ষকতা জীৱনৰ নিভাঁজ কৰ্মৰাজিৰ বিষয়ে কৰ্মৰত শিক্ষক পৰিয়ালৰ পৰা জ্যেষ্ঠ শিক্ষক দিলীপ ৰাজখোৱা, মৃগাংক বৰা, নিৱেদিতা ভূঞা, ৰূপশিখা তামুলী আৰু স্বপ্না লাহনৰ লগতে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ হিৰণ্য নাৰায়ণ বৰা আৰু কমল চন্দ্ৰ শৰ্মাই আলোকপাত কৰে। বিদায়ী শিক্ষক কেইজনক শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী পৰিষদৰ পৰা গামোচা, দৌল শৰাই, পোছাক, গ্ৰন্থৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।