বিগত ১০ মাৰ্চত বেংগল চাফাৰি পাৰ্কত ৰয়েল বেংগল টাইগাৰ ‘শীলা’ই ৫টা পোৱালী প্ৰসৱ কৰিছিল৷ চৰ্চিত শীলাই ইয়াৰ পূৰ্বে ৫টা সন্তান জন্ম দিছে৷ শীলাই জন্মদিয়া পোৱালীৰ সংখ্যা ১০টালৈ বৃদ্ধি হৈছিল৷ ৰয়েল বেংগল টাইগাৰ ‘শীলা’ই বেংগল চাফাৰি পাৰ্কৰ এখন গাঁৱত পাঁচটা পোৱালী জন্ম দিয়ে৷ পাঁচোটা পোৱালী আৰু মাতৃ শীলা সকলোৰে স্বাস্থ্য ভাল আছিল। কিন্তু ২৪টা দিনৰ মূৰকত এক দুখৰ খবৰ এই যে শীলাৰ এটি পোৱালীৰ মৃত্যু হৈছে৷ শীলাৰ এটা নৱজাতক পোৱালীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বেংগল চাফাৰি পাৰ্ক কৰ্তৃপক্ষই। ৰোগ প্ৰতিৰোধ ক্ষমতা নোহোৱা হোৱাৰ লগতে শৰীৰৰ ওজন কম থকা অৱস্থাতে জন্ম হোৱাৰ বাবে পোৱালীটোৰ মৃত্যু হোৱা বুলি কয় বেংগল চাফাৰি পাৰ্ক কৰ্তৃপক্ষই৷