কামপুৰঃ কৰাৰুদ্ধ তথা ক’ৰোনাত আক্ৰান্ত হৈ বৰ্তমান হস্পিতালৰ বিছনাত থকা কৃষক মুক্তিৰ নেতাসকলৰ আশু-আৰোগ্য কামনা কৰি বন্তি প্ৰজল্বন নগাঁৱৰ কামপুৰত৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈসহ কৃষক কাৰাৰুদ্ধ নেতাসকলক মুক্তিৰ দাবী তথা আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায় খিলঞ্জীয়া ঐক্যমঞ্চই।
মহামাৰীৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ আশু আৰোগ্য কামনা কৰি আজি নগাঁও জিলাৰ কামপুৰৰ ইতিহাস প্ৰসিদ্ধ ৰত্নাৱলী নামঘৰত খিলঞ্জীয়া ঐক্যমঞ্চৰ বিষয়-ববীয়াই বন্তি প্ৰজ্বলন কৰে।
কামপুৰৰ খিলঞ্জীয়া ঐক্যমঞ্চই কৃষক নেতাসকলক উন্নত চিকিৎসা সেৱা প্ৰদান অসম চৰকাৰক আহ্বান জনায়৷ কৃষক নেতাকেইগৰাকীক মুক্তি দিবলৈও ৰাজ্য চৰকাৰক দাবী জনায়।