March 30, 2023, 7:38 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ৰঞ্জিত ৰঞ্জন শইকীয়া শৈক্ষিক ন্যাসৰ ঘোষণা, বহন কৰিব আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰৰ পঢ়াৰ খৰছ

Reporter Name
  • Update Time : Wednesday, June 17, 2020
  • 131 Time View

টীয়কঃ যোৱা ২৩ ফেব্ৰুৱাৰীত ভয়াবহ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে পৰিয়ালৰ সহযোগত এটি শৈক্ষিক ন্যাস গঠন কৰা হৈছে। যুৱ-প্ৰজন্মৰ মাজত ৰঞ্জিত ৰঞ্জন শইকীয়াৰ স্মৃতি জীয়াই ৰাখিবলৈ গঠন কৰা জীয়াই ৰখাৰ মানসেৰে গঠন কৰা ন্যাসে টীয়কৰ ফুড ভিল্লাত এখন সংবাদ মেল অনুষ্ঠিত কৰে কৰে।

সংবাদ মেলত ন্যাসৰ উপদেষ্টা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হীৰা প্ৰসাদ নাথ, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভুঞা, প্ৰয়াত শইকীয়াৰ পৰিবাৰ ড০ ৰুবী নাথ, টীয়কৰ বিশিষ্ট যুৱ ব্যৱসায়ী বিক্ৰমজিৎ ভুঞা উপস্থিত থাকি প্ৰতি বছৰে টীয়ক অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ একোগৰাকী ছাত্ৰ অথবা ছাত্ৰীক প্ৰত্যেক বৰ্ষতে স্নাতক পৰ্যায়ত শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণ খৰছ বহন কৰিব বুলি সংবাদমেলত ব্যক্ত কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ পৰাই ন্যাসে এই সুবিধাসমূহ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে মুকলি কৰা বুলি জানিবলৈ দিয়ে। এই বিষয়ত অধিক জানিবৰ বাবে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা তথা ড০ ৰঞ্জিত ৰঞ্জন শইকীয়াৰ সহধৰ্মিনী ৰুবী নাথৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই ন্যাসে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে