কামৰূপ জিলাৰ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে৷ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্র একতা সভা নিৰ্বাচনত সাধাৰণ সম্পাদকসহ ৫ আসনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। এবিভিপি-এবছু-বেংগলী ছাত্ৰ ফেডাৰেচন-গোৰ্খা ছাত্র সন্থা সন্মিলিত সমৰ্থিত ৭ প্ৰাৰ্থী বিজয়ী হয়। আজি ঘোষিত মহাবিদ্যালয়ৰ ছাত্র একতা সভা নিৰ্বাচনৰ আছু প্ৰাৰ্থীৰ জয়ত কৰ্মী-সমৰ্থকৰ মাজত আনন্দ-উল্লাস বিৰাজ কৰে। আনহাতে এবিভিপি, এবছু, বেঙ্গলী ছাত্ৰ ভেডাৰেচন আৰু গোৰ্খা ছাত্ৰ সন্থাই যুটীয়াভাৱে আগবঢ়োৱা সভাপতিকে ধৰি ৭ প্ৰাৰ্থীয়ে জয়লাভ কৰে। সভাপতি পদত এবছুৰ ফুংখা স্ৰং বসুমতাৰী আৰু সাধাৰণ সম্পাদকৰ পদত আছু সমৰ্থিত ধীৰাজ কলিতাই বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে যোৱা বছৰ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাখন আছুৰ দখলত আছিল।