ৰঙিয়াঃ ৰঙিয়াৰ বিছেন্নালাত অনুষ্ঠিত ৭৩ তম শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা। ধৰ্মীয় অনুষ্ঠানটোৰ পূৰ্ণ আহুতিত উপস্থিত হৈ ৰিণিকি ভূঞা শৰ্মাই পূজা-অৰ্চনা কৰে। নামনি অসমৰ অন্যতম ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰিণিকি ভূঞাই সকলোৰে মংগল কামনাৰে প্ৰভু বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা জনায়। সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থকা অনুষ্ঠানটোত তেওঁক গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে মহোৎসৱত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও অংশগ্ৰহণ কৰে। উল্লেখ্য যে, প্ৰতি বছৰে অনুষ্ঠিত যজ্ঞ মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক উপস্থিত হৈ প্ৰভু বিষ্ণুৰ ওচৰত পূজা-অৰ্চনা কৰে। পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহোৎসৱৰ পৰিবেশে বিৰাজ কৰা দেখা যায়।