ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীস্থিত এপল’ মিল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত আছু আৰু শ্ৰমিক সন্থাই চাইকেল-বাইক ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়া মহকুমা ধিপতি কাৰ্যালয়লৈ এপল’ মিল শ্ৰমিক সন্থাৰ সভাপতি-সম্পাদক দুৰ্গা চন্দ্ৰ কলিতা, দুৰ্গা চন্দ্ৰ হালৈ আৰু বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীৰ নেতৃত্বত তুলসীবাৰীস্থিত মিল চৌহদৰ পৰা ভাৰত-ভূটান পথেৰে উলিওৱা ৰেলীত চৰকাৰ বিৰোধী শ্ল’গানেৰে মুখৰিত কৰি তোলে।
২০১৬ চনৰ ডিচেম্বৰ মাহৰ পৰা মূলধনৰ অভাৱত মিলটোৰ উৎপাদন বন্ধ হৈ আছে। বিগত ২০১৭ চনৰ ১ মে’ত এপল শ্ৰমিক সন্থা আৰু আছুৰ লগতে আন আন দল সংগঠনে আন্দোলন কৰাত ৰাজ্য চৰকাৰে ২০১৮ চনৰ ৭ মাৰ্চত ১০১১.৭৪ লাখ টকা মিলটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ধাৰ্য কৰিছিল। উক্ত ধনৰাশিৰ ৪২৬.১২ লাখ টকা ২০১৮ চনৰ নৱেম্বৰ মাহত পুৰণি বকেয়া পৰিশোধৰ বাবে মুকলি কৰি দিয়া হৈছিল।
শেহতীয়াভাৱে মিলটোৰ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত পুনৰ শ্ৰমিক সন্থা আৰু আছুৱে বিশেষ উদ্যোগ গ্ৰহণ কৰি স্বাধীনতা দিৱসৰ দিনটোৰ পৰা মিলটোৰ কাৰ্যক্ষম, শ্ৰমিক -কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰ প্ৰদানৰ দাবীত ধাৰাবাহিক ভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। আনকি কিছুদিন পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে মিল প্ৰাংগণত উপস্থিত হৈ শ্ৰমিক সন্থা আৰু আছুৰ নেতৃবৃন্দৰ সৈতে সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।
ইয়াৰ পিছতো কোনো ধৰ্ৰণ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাত আজি ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় বুলি সদৰী কৰে প্ৰতিবাদ কাৰীসকলে। ৰেলীত আছুৰ কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজৱংশী, উপ-সভাপতি গোলোক ৰাজৱংশী, আদিল হাচান, মিন্তু আলী, আনোৱাৰ খানৰ লগতে ৰঙিয়া মহকুমাৰ জিতু ডেকাইও অংশগ্ৰহণ কৰে।