কোকৰাঝাৰঃ ৰঙিয়াৰ ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কোকৰাঝাৰৰ চিম্বৰগাঁও বাতাবাৰী নিৱাসী তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীয়ে (৪৯) কৰুণ মৃত্যুক আকোৱালি লয়। আজি বিয়লি AS-16-F-5843 নম্বৰৰ হুণ্ডা ভেন্যু বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁও অভিমুখী আহি থাকোতে দুৰ্ঘটনাত পতিত হয়৷ এখন বিপৰীত দিশৰ পৰা অহা ট্ৰেইলাৰ বিজিতগ্ৰা নাৰ্জাৰীৰ বাহনখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ঘটনা সংঘটিত কৰিয়ে ট্ৰেইলাৰখন পলায়ন কৰে। দুৰ্ঘটনাত বিজিতগ্ৰা নাৰ্জাৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে পত্নী ইষ্টাৰ নাৰ্জাৰী আৰু চালকৰ আসনত থকা সম্পৰ্কীয় ভাতৃ হৰিশ বসুমতাৰীও আহত হয়। আহতসকলক প্ৰথমে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও বিজিতগ্ৰা নাৰ্জাৰীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কৰুণ মৃত্যুক সাৱটি লয়। নিষ্ঠাৱান প্ৰাক্তন এবছু কৰ্মী তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীৰ মৃত্যুৰ বাতৰি সদৰি হোৱাৰ পিছতে চিম্বৰগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। চিম্বৰগাঁও আঞ্চলিক এবছুৰ বিভিন্ন পদত অতি নিষ্ঠাসহকাৰে কাম কৰা, কোকৰাঝাৰ জিলা এবছুৰ একেৰাহে দুটাকৈ কাৰ্যকালৰ বাবে উপ-সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰা তথা কৃষি উন্নয়ন বিষয়া বিজিতগ্ৰা নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে। বিজিতগ্ৰা নাৰ্জাৰীয়ে ইহসংসাৰত পত্নী, পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।