ৰঙিয়াৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত সমাজৰ উন্নয়নৰ লগতে ছাত্ৰৰ সৃষ্টিমূলক প্ৰতিভা বিকাশৰ লক্ষ্যৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংস্থাটোৰ উদ্যোগত আজি ৰঙিয়াৰ মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘best out of waste’ নামৰ প্ৰতিযোগিতাৰ আয়োজন কৰি বিজয়ীসকলৰ বঁটাসহ মানপত্ৰ প্ৰদান কৰা হয়। বিধ্যালয়ৰ অধ্যক্ষ অজান বৈশ্যই উদ্বোধন কৰা প্রতিযোগিতাত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰে কাগজ তথা আন পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰে। কার্যসূচীত ৰঙিয়া কিডজি বিদ্যালয়ৰ উপাধ্যক্ষগৰাকীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক good touch আৰু bad touchৰ সন্দৰ্ভত অৱগত কৰে।