ৰঙিয়াঃ নকল সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিছে৷ দেওবাৰে ৰঙিয়াত ৬ জনকৈ লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। লক্ষীমপুৰ জিলাৰ পৰা আহি ৰঙিয়াত ভাড়াঘৰ লৈ বাহৰ পাতি থকা লোককেইজনে নকল সামগ্ৰী বিক্ৰী কৰিছিল। এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই লোককেইজনক হাতে-লোটে ধৰে। আটক লোক কেইজনে নকল সোণৰ যীশুৰ মূৰ্তি, নাও জব্দ কৰে। লোককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।