মেহবুব ৰাজ লক্ষীপুৰঃ আজি দুপৰীয়া হোজাই জিলাত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত চাৰিজনকৈ লোক থিতাতে নিহত হৈছে৷ ভয়াবহ পথ দুৰ্ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলোৱাৰ সময়তে পুনৰ আন এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰত৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাশিবাৰী কোঁচপাৰাত ভয়াবহ পথ দপৰ্ঘটনা সংঘটিত হয়৷ AS-18-H-5236 নম্বৰৰ এখন বাইকেৰেগৈ থকা অৱস্থাত পথৰ দাঁতিত থকা বিদ্যুতৰ খুটাত খুন্দা মাৰে থিতাতে নিহত হয় বাইকখনত থকা যুৱক দুজন৷ নিহত এজন যুৱকৰ পকেটত থকা আইডি কাৰ্ড মতে যুৱকজন লক্ষীপুৰৰ বান্দৰমাথাৰ বনবাশি বৰ্মনৰ পুত্র আমলেশ বৰ্মন বুলি জানিব পৰা গৈছে৷ আমাৰ খবৰ প্ৰেৰণ কৰালৈকে নিহত আন এজন যুৱকৰ কোনো পৰিচয় পত্ৰ পোৱা নাই৷