মাজুলীঃ মাজুলীৰ ঐতিহ্যমণ্ডত ৰঙাচাহী মহাবিদ্যালয়ত বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মহাবিদ্যালয়খনৰ প্ৰৱক্তা আৰু কৰ্মচাৰীসকলৰ চি.পি.এফৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ডিডিঅ’ আনন্দ নাথে ২০০৬ চনত প্ৰৱক্তা-কৰ্মচাৰীসকলক প্ৰদান কৰিবলগীয়া চি.পি.এফৰ প্ৰায় ১৪ লাখ টকা আত্মসাৎ কৰাৰ অভিযোক উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ প্ৰৱক্তাসকলে।
ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰৱক্তাসকলে এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযোগ কৰা মতে, তদানীন্তন উপাধ্যক্ষ আনন্দ নাথে ডাকঘৰত টকাসমূহ জমা ৰাখি পিছত নিজেই প্ৰায় ১৪ লাখ টকা উলিয়াই আনিছিল৷ তাৎপৰ্যপূৰ্ণ ভাৱে এখন উকা কাগজত ৰেভিনিউৰ ওপৰত প্ৰৱক্তাসকলৰ স্বাক্ষৰ লয় আনন্দ নাথে। চি.পি.এফৰ টকা পাব লগা লোকসকলৰ পৰা স্বাক্ষৰ লয় যদিও অজ্ঞাত কাৰণত টকাসমূহ পিছতহে পাব বুলি প্ৰৱক্তাসকলক আশ্বাস প্ৰদান কৰিছিল উপাধ্যক্ষ আনন্দ নাথে৷
শেহতীয়াকৈ সকলো গোমৰ ফাক ওলাই পৰাত আৰু যি সমূহ চেক পাতৰ নম্বৰ দিয়া দেখাইছে সেই সমূহ ছাত্ৰ-ছাত্ৰীৰ বিশেষ ফাণ্ডৰ বুলি বেংকৰ পৰা সবিশেষ তথ্য পোৱাত প্ৰৱক্তাসকলেে উক্ত টকাখিনি আনন্দ নাথে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে।