মুকালমুৱাৰ পৰা মিৰাজ হুছেইনঃ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। অন্তিম দিনটোত মুকালমুৱাৰ ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত স্থানীয় বিধায়কে অংশ লয়। পুৱা প্ৰাৰ্থনাৰে আজিৰ গুণোৎসৱৰ আৰম্ভণি হয় বিদ্যালয়খনত। বিদ্যালয়খনৰ ৫৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰে। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে৷ ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে বিধায়কগৰাকীয়ে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১২০০ গৰাকী আৰু শিক্ষক ৩৩ গৰাকী। দীৰ্ঘদিনে বিদ্যালয়খনত শিক্ষকৰ অভাৱ হৈ আছে। বিদ্যালয়খনত এতিয়াও ১৯টাকৈ শিক্ষকৰ পদ খালী আছে। বিদ্যালয়খনৰ এই খালী পদসমূহ পুৰণ কৰিবলৈ চৰকাৰৰ লগত আলোচনা কৰি বিদ্যালয়খনৰ শিক্ষকৰ অভাৱৰ সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি কয় বিধায়ক দিগন্ত বৰ্মনে।