March 22, 2023, 2:19 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

৯-১০ এপ্ৰিলত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ অধিৱেশন, সাংবাদিক হেমন্ত কুমাৰ শইকীয়াক যুৱ বঁটা

Reporter Name
  • Update Time : Tuesday, April 5, 2022
  • 107 Time View

মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানঃ উজনি অসমৰ সাংবাদিকসকলৰ অন্যতম সাংবাদিক মঞ্চ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ দশম দ্বি-বার্ষিক অধিবেশনখনি অহা ৯ আৰু ১০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা সঞ্জীৱনী কমপ্লেক্স দুদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলি আছে৷ ১০ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ‘সাংবাদিকতা আৰু সাম্প্রতিক সময়ৰ প্ৰত্যাহ্বান’ শীর্ষক গজেন বৰঠাকুৰ আৰু গকুল শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্রদান অনুষ্ঠানত যুৱ সাংবাদিক হেমন্ত কুমাৰ শইকীয়াক সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব৷ মাৰ্ঘেৰিটা সাংবাদিক সন্থাই আগবঢ়াইছে এই বঁটা৷ কাকপথাৰৰ স্থানীয় সংবাদদাতা ৰূপে সেৱা আগবঢ়াই আহি নিজ দক্ষতাৰে হেমন্ত কুমাৰ শইকীয়া তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ মুখপত্ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অনুষ্ঠান সঞ্চালনা কৰিব সন্থাৰ সভাপতি ৰামপ্রসাদ আম্বেদকাৰে। অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ-পূব মণ্ডলৰ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্বোধন কৰিবলগীয়া বক্তৃতানুষ্ঠানত মুল বক্তাৰূপে অংশগ্রহণ কৰিব তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি অমুল্য খাটনিয়াৰ আৰু মুখ্য অতিথিৰূপে উপস্থিত থাকিব তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা। বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ক্রমে অর্জুন বৰুৱা, হিমেন ভট্টাচার্য আৰু ডা০ ঋষি দাসৰ লগতে মাৰ্ঘেৰিটাৰ বিশিষ্ট চিকিৎসক ডা০ সঞ্জীৱ সোণোৱাল। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ পাবলগা মুখপত্র ‘সীমান্ত’ উন্মোচন কৰিব জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক জগত চাংমা। অধিৱেশন উপলক্ষে প্রথম দিনা সন্থাৰ সভাপতি ৰামপ্রসাদ আম্বেদকাৰে সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰিব। পুৱা ১০:৩০ বজাত ‘আপোনাৰ কল্পনাৰ মাৰ্ঘেৰিটা নগৰ’ শীর্ষক মুকলি আলোচনা সভা অনুষ্ঠিত হ’ব। সন্ধিয়া মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সাধাৰণ সভা আৰু বিষয়বাছনি সভা অনুষ্ঠিত হ’ব।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে