ৰিমঝিম সোণোৱাল, গুৱাহাটীঃ অহা ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনুৰ্ধ্ব ১৪, অনুৰ্ধ্ব ১৬, অনুৰ্ধ্ব ১৮, অনুৰ্ধ্ব ২০ আৰু পুৰুষ-মহিলাৰ ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব। অনুৰ্ধ্ব ১৪ শাখাৰ ইভেন্টসমূহ হৈছে ৬০ মিটাৰ দৌৰ, ৬০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট আৰু বল থ্ৰ’। অনুৰ্ধ্ব ১৬ৰ ইভেণ্টসমূহ হৈছে ১০০ মিটাৰ দৌৰ, ৩০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ২০০০ মিটাৰ দৌৰ, ৮০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, লং জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ৫০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে। অনুৰ্ধ্ব ১৮ৰ ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৩০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লং জাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব। অনুৰ্ধ্ব ২০ বছৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব। আনহাতে, ছিনিয়ৰ পুৰুষ-মহিলাৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত ৰাজ্যৰ ৩৫ খন জিলাৰ ৯০০ খেলুৱৈ আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিব বুলি শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম এথনেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।