March 22, 2023, 5:29 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

৮ আৰক্ষীৰ হত্যাকাৰী বিকাশ ডুবেৰ ঘৰত চলিল বুলডজাৰ, আৰক্ষীয়ে ভাঙি পেলালে বিলাসী বাহন

Reporter Name
  • Update Time : Saturday, July 4, 2020
  • 174 Time View

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কুখ্যাত অপৰাধী, ৮ আৰক্ষীৰ হত্যাকাৰী বিকাশ ডুবেক বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও আৰক্ষীয়ে আজি কানপুৰৰ বিকৰুগাঁৱৰ ঘৰত বুলডজাৰ চলাই আৰক্ষীয়ে। ২ বিঘা এলেকাৰ ঘৰৰ চৌদিশৰ দেৱাল আৰু ভিতৰৰ বিলাসী অট্টালিকা মুহূৰ্তেত জেচিবেৰে ভাঙি পেলায় প্ৰশাসনে৷

বিকাশৰ অট্টালিকা ভাঙি পেলোৱাৰ লগতে কেইবাখনো বিলাসী চাৰিচকীয়া বাহন জেচিবেৰে ভাঙি উৎসাত কৰে৷ বিকাশ ডুবেৰ কোটিটকীয়া অট্টালিকা আৰু বাহন বুডজাৰেৰে ভাঙি পেলায়৷ যোৱা দুদিন ধৰি বিকাশ ডুবেক ধৰিবলৈ আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আজি বিকাশ ডুবৰে সম্পত্তি নষ্ট কৰে আৰক্ষীয়ে৷ আনহাতে কানপুৰৰ বিকৰুগাঁৱৰ যি ঠাইত বিকাশৰ ঘৰ আছিল সেই ভূমি অবৈধল ভাৱে দখল কৰিছিল বুলি জানিব পৰা যায়৷

উল্লেখ্য যে, ৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত অপৰাধীক ধৰিব যোৱা আৰক্ষীক ঘেৰি লৈ গুলীচালনা কৰাত ৮গৰাকীকৈ আৰক্ষী নিহত হৈছিল৷ নিহত আৰক্ষীৰ মাজত এগৰাকী উপ-আৰক্ষী অধীক্ষক, তিনিগৰাকী উপ-পৰিদৰ্শক আৰু চাৰিগৰাকী জোৱান আছিল৷

এই ঘটনা উত্তৰ প্ৰদেশৰ ৰাজধানীৰ পৰা মাথো ১৫০ কিলোমিটাৰ নিলগত সংঘটিত হৈছে৷ তিনিখন আৰক্ষী থানাৰ তিনিটা দলে ঘেৰি লৈ কুখ্যাত অপৰাধী বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই থকাৰ সময়তে আৰক্ষীক ঘেৰি লৈ অপৰাধীৰ দলে নিৰ্বিচাৰ গুলিচালনা কৰাৰ ফলত ৮গৰাকী আৰক্ষীয়ে প্ৰাণ হেৰুৱাই৷

বিকাশ ডুবেৰ নামত ৬০টা গোচৰ ৰুজু হৈ আছে৷ কিছুদিন পূৰ্বে অপৰাধী বিকাশে এগৰাকী লোকক হত্যা কৰিছিল৷ হত্যাৰ গোচৰত বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ বিকাশৰ গাঁৱত উপস্থিত হয় আৰক্ষী৷

আৰক্ষী মহানিৰ্দেশক দিনেশ কুমাৰৰ মতে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত অপৰাধীয়ে আক্ৰমণ কৰে৷ আৰক্ষীৰ দলৰ ওপৰত তিনিটা দিশৰ পৰা গুলীচালনা কৰে৷ তেওঁলোকে এয়া পৰিকল্পিত ভাৱে কৰিছে বুলি কয় দিনেশ কুমাৰে৷ ডুবেক ধৰিবলৈ অভিযান চলাই থকাৰ সময়তে আৰক্ষীয়ে অবৈধ সম্পত্তিৰ বিৰুদ্ধে অভিযান চলাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে