উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট সাংস্কৃতিক আৰু ক্ৰীড়া সন্থাৰ উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলন অহা ৭ আৰু ৮ বহাগত অনুষ্ঠিত হ’ব। ৰ্সব্বেশ্বৰ শইকীয়াক সভাপতি, ৰমেন শইকীয়াক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। সন্মিলনত প্ৰথম দিনা বিহু পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰিব ক্ৰমে উৰিয়ামঘাট আঞ্চলিক সাংস্কৃতিক ও ক্ৰীড়া সন্থাৰ সভাপতি বিবেকানন্দ বসুমতাৰী আৰু উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সম্পাদক ৰমেন শইকীয়াই। উৰিয়ামঘাট খণ্ড বন বিষয়া মুনিন নাথে বৃক্ষৰোপণ কৰাৰ পিছতে প্ৰতিযোগিতা মঞ্চ উদ্বোধন কৰিব ৰেংমা সীমান্ত হাইস্কুলৰ প্ৰধান শিক্ষক অসীম শ্যামে। প্ৰথম দিনা ৰচনা, চিত্ৰাংকন কুইজ প্ৰতিযোগিতাৰ পিছতেই উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহুৰ অতীত সুঁৱৰী শীৰ্ষক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানৰ পিছত মুকলি বিহু, বৰ বিহুৱতী, সৰু বিহুৱতী জেং বিহু, সৰু বিহুৱা আৰু মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগীতা উদ্বোধন কৰিব উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰুৱাই। বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধিয়ক বিশ্বজিৎ ফুকন, বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ ই.এম প্ৰদীপ স্বৰ্গীয়াৰী, ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য শশধৰ গগৈ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। অন্তিম নিশা সদৌ অসম চুতীয়া ছাত্ৰৰ সভাপতি মহেন বৰাই উদ্বোধন কৰিবসাংস্কৃতিক সন্ধিয়া৷