ধেমাজিঃ ৭৫ খনকৈ বিপণীৰে বুধবাৰৰ পৰা ধেমাজি কাছাৰী ময়দানত আৰম্ভ হৈছে চাৰিদিনীয়া ‘আত্মনিৰ্ভৰ ধেমাজি’ শীৰ্ষক বিশেষ অনুষ্ঠান। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বুধবাৰে আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ যুৱক-যুৱতী তথা কৰ্মমুখী লোক সকলক উদ্যমিতা আৰু আত্মসংস্থাপনৰ বাট দেখুৱাই জিলাখনক স্বনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিয়াৰ বিশেষ উদ্যেশ্যে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শক্ৰমে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই মেলাখন উদ্ধোধন কৰি দিয়া ভাষণত সাংসদ গৰাকীয়ে কয় – ‘আত্মনিৰ্ভৰ ধেমাজি’ এটা সুন্দৰ প্ৰয়াসৰ সবল আৰম্ভণি। তাৰ বাবে তেওঁ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ধেমাজি জিলা প্ৰশাসন ধন্যবাদৰ পাত্ৰ। মিছন বসুন্ধৰা ২ ৰ অধীনত যাৰ মাটি ম্যাদী হোৱা নাই সকলোকে পট্টাৰ বাবে আবেদন কৰিবলৈ আৰু বিষয়া সকলক সেইবোৰ সহানুভূতিৰে বিবেচনা কৰি পট্টা দিবলৈ সাংসদগৰাকীয়ে আহ্বান জনাইছে। সভাৰ আৰম্ভণীতে ধেমাজি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে দিয়া আদৰণি ভাষণত কয় যে, ধেমাজি জিলাৰ কৃষকে ইতিমধ্যে শালি ধান উৎপাদনেৰে বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছে।
কেন্দ্ৰীয় চৰকাৰে ধানৰ ওপৰত প্ৰদান কৰা ন্যূনতম সমৰ্থন মূল্যৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। তেওঁ জনোৱা মতে, এই চাৰিদিনীয়া মেলাত কেন্দ্ৰীয় চৰকাৰৰ ৰাবাৰ বৰ্ড, মছলা বৰ্ড আদি প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে, এই মেলাৰ মূল লক্ষ্য হৈছে, জিলাখনৰ বাবে আৱশ্যকীয় সকলো শস্য বা সামগ্ৰী জিলাখনতে উৎপাদন কৰিব পৰাৰ এটা অনুকুল পৰিবেশৰ সৃষ্টি কৰা। তাৰবাবে বিভিন্ন বিষয়ৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। সভাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালেও চমু ভাষণ প্ৰদান কৰে। উদ্বোধনী সভাত ধেমাজি উন্নয়ন পৰিষদৰ অধ্যক্ষ তোলন কোঁৱৰ আৰু বিজেপিৰ জিলা সভাপতি প্ৰেম দত্তও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ লগতে আয়োজিত মুকলি সভাত ধান আহৰণ আৰু মিছন বসুন্ধৰা ২ সম্পৰ্কত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ মুখ্য বিজ্ঞানী ধীৰেণ চৌধুৰী, ভাৰতীয় খাদ্য নিগমৰ বিষয়া ৰাকেশ দাস আৰু ধেমাজিৰ সহযোগী চক্ৰ বিষয়া উপাসনা দুৱৰাই সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত প্ৰদৰ্শনী আৰু খাদ্য মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মেলা থলিত থলুৱা জলপানৰ এখন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বিয়লি ৪ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। আজি মেলা থলিত কেবাটাও বিষয়ত কৰ্মশালা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷ মেলাত যথেষ্ট সংখ্যক প্ৰগতিশীল কৃষক, ৱোৱনী-শিপিনী, পশুপালক, উদ্যোগীৰ উপৰি এই ক্ষেত্ৰসমূহৰ ভালেসংখ্যক বিশেষজ্ঞই অংশগ্ৰহণ কৰে।