একালত অসমৰ মানুহে তেওঁৰ নামত বন্তি প্ৰজ্বলন কৰিছিল৷ জাতীয়তাবাদৰ প্ৰতিভূ ৰূপে হৃদয়ত স্থান দিছিল৷ এক বৰ্ণিল সংগ্ৰামৰ অধ্যায় সামৰি ৰাজনীতিত প্ৰবেশ কৰি ৰাজ্যৰ নাগৰিকৰ আদৰ-মৰম লাভ কৰি উচ্চ আসনত অধিষ্ঠিত হৈছিল৷ ৰাজ্যৰ মানুহে দেশৰ ভিতৰতে অতি কম বয়সত মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰিছিল৷ এবাৰ নহয়, দুবৰাকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ সময়ত হোৱা ভুলৰ বাবে বদনামেও খেদি ফুৰে৷ যদিও অসমৰ ৫টা দশকৰ ৰাজনীতিৰ উত্থান-পতনৰ সাক্ষী নেতাগৰাকীয়ে এলাগী হৈ ক্ষমতা অবিহনে সময় পাৰ কৰিলেও মানুহৰ অন্তৰত এখন ঘৰ সাজি থৈছে৷
আজি তেওঁ অসমৰ মানুহৰ বাবে জনপ্ৰিয় নেতা হৈয়ে আছে৷ দুবৰাকৈ অসম গণ পৰিষদৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী পদবীত বহা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কথাকে কৈছো৷ দৰং জিলাৰ মঙলদৈত প্ৰফুল্ল মহন্তৰ নামত আছে এডোখৰ ঠাই৷ প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যৰ শাসন কৰি থকাৰ সময়তে উক্ত ঠাই ডোখৰৰ নাম ৰখা হৈছিল ‘প্ৰফুল্ল নগৰ’৷
সোমবাৰে সেইখন প্ৰফুল্ল নগৰত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন ড০ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। প্ৰফুল্ল নগৰৰ নামকৰণ কৰাৰ ৩৫ বছৰ পূৰ্ণ হোৱাত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আমন্ত্ৰণ জনাই৷
প্ৰফুল্ল কুমাৰ মহন্তই ১৯৮৫ চনৰ অসম গণ পৰিষদ চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে মঙলদৈৰ ৭৪০টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান কৰি বসবাস কৰাৰ ব্যৱস্থা কৰি দিছিল। সেই লোকসকলে মৰমৰ চিন স্বৰূপে তেতিয়াই তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ নামেৰে নগৰখনৰ নামাকৰণ কৰে ‘প্ৰফুল্ল নগৰ’ ৰূপে৷ নগৰখনৰ ৩৫ বছৰ পূৰ্ণ হোৱাত গাঁওবাসীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনাই। প্ৰফুল্ল নগৰবাসীৰ আমন্ত্ৰণ ৰক্ষা কৰি সোমবাৰে পুত্ৰ-পত্নীসহ প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হৈ আবেগিক হৈ পৰে। এখন সভাত চিৰদিনৰ বাবে ভেটিটো পোৱা লোকসকলে মহন্তক সম্বৰ্ধনা জ্ঞাপন কৰে৷
মঙলদৈৰ প্ৰফুল্ল নগৰত প্ৰফুল্ল নগৰৰ ৩৫ বছৰ পূৰ্ণ হোৱাত পতা সভাত তেজপুৰ আৰু মঙলদৈৰ বহু বিশিষ্ট লোক উপস্থিত আছিল৷ ১৯৮৫ চনত মহন্তৰ প্ৰথম বাৰৰ মুখ্যমন্ত্ৰীত্বৰ কালত ৭৪০টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদান কৰি বসবাস কৰাৰ ব্যৱস্থা কৰি দিছিল৷ সেই লোকসকলে মৰমৰ চিন স্বৰূপে তেতিয়াই প্ৰফুল্ল নগৰ নামেৰে নামাকৰণ কৰিছিল৷ সভা ৰূপকোঁৱৰ মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকলৰ লগতে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশী , সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, অগপৰ প্ৰাক্তন বিধায়ক হীৰেন দাস, জিলা অগপৰ সভাপতি তথা সম্পাদক কমলেশ্বৰ বৰুৱা, স্বৰাজ ডেকা, অসম আন্দোলনৰ নেতা গিৰিশ কলিতা, পংকজ শৰ্মা উপস্থিত থাকে।