ডিজিটেল ডেস্কঃ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি এতিয়া সাধাৰণ কথাত পৰিণত হৈছে৷ যোৱা ৭দিন পেট্ৰল-ডিজেলৰ মূল্য অপৰিবৰ্তীত হৈ আছিল যদিও মঙলবাৰে পুনৰ ডিজেলৰ দাম বৃদ্ধি হয়৷ ইতিমধ্যে দেশৰ চহৰসমূহত ২৩-২৫ টকা পৰ্যন্ত প্ৰতি লিটাৰ ডিজেলত দাম বৃদ্ধি হৈছে৷ জুন মাহ আৰম্ভ হোৱাৰে পৰা বিগত ২১ দিন ধৰি পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হৈ পেট্ৰলতকৈ ডিজেলৰ দাম বৃদ্ধি বেছি হয় দেশত৷ মঙলবাৰে পেট্ৰলৰ দাম বৃদ্ধি হোৱা নাই যদিও ডিজেলৰ দাম বৃদ্ধি হৈছে৷ মঙলবাৰে ডিজেলৰ দাম ৰাজ্য অনুযায়ী ২৩-২৫ পইছাকৈ বৃদ্ধি হৈছে৷ বিগত মঙলবাৰৰ পিছত সাতদিনৰ মূৰকত আজি ডিজেলৰ মূল্য বৃদ্ধি হয়৷