March 24, 2023, 10:04 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

৬ ৰাজ্যৰ পুনৰ বিচাৰৰ আৰ্জি খাৰিজ, চৰকাৰে ঘোষণা কৰা দিনতে অনুষ্ঠিত হ’ব NEET-JEE প্ৰবেশ পৰীক্ষা

Reporter Name
  • Update Time : Friday, September 4, 2020
  • 111 Time View

ডিজিটেল ডেস্কঃ বিজেপি বিৰোধী দলৰ শাসনাধিষ্ট ৬ ৰাজ্যৰ আৰ্জি খাৰিজ কৰি জেইই আৰু নীট পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনতে অনুষ্ঠিত হ’ব NEET-JEE প্ৰবেশ পৰীক্ষা৷ উচ্চতম ন্যায়ালয়ে আজি অনুষ্ঠিত শুনানিত সকলো যুক্তি শুনাৰ সন্মত নহৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ ক’ৰোনা মহামাৰীৰ বাবে সুৰক্ষাজনিত দিশ চোৱা-চিতা কৰিবলৈ কয় উচ্চতম নায়ালয়ে৷

কেন্দ্ৰীয় চৰকাৰে NEET-JEE প্ৰবেশ পৰীক্ষা অনুষ্ঠিত কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে একাংশ লোক সৰৱ হৈ পৰিছিল৷ দেশত ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে৷ সমগ্ৰ দেশত NEET-JEE প্ৰবেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ত বিতৰ্ক আৰম্ভ হোৱাৰ লগতে শাসক-বিৰোধীয়ে বাকযুদ্ধ কৰি আহিছে৷ ক’ৰোনা কালত ছাত্ৰৰ সুৰক্ষাৰ কথা চিন্তা নকৰি পৰীক্ষা অনুষ্ঠিত কৰিব খোজাত কংগ্ৰেছে ছাত্ৰৰ হিতৰ বাবে স্পীক আপ ফৰ ষ্টুডেণ্ট হেছটেগৰ প্ৰচলন কৰি ছাত্ৰৰ সপক্ষে থিয় দিছিল৷

আনহাতে ৬ খন অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল৷ NEET-JEEকলৈ দেশত শাসক-বিৰোধীৰ মহাসংগ্ৰাম আৰম্ভ হৈছিল৷ বিৰোধী দলসমূহে NEET-JEE পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কৈ আহিছে যদিও চৰকাৰ আগোৰগোজ হৈ পৰা দেখা গৈছিল৷ যিকনো মূল্যৰ বিনিময়ত চৰকাৰে NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে বিৰোধীয়ে যিকোনো মূল্যৰ বিনিময়ত স্থগিত কৰিবৰ বাবে সকলো প্ৰচেষ্টা চলাই গৈছিল৷ ৩১ আগষ্টত ৬খন ৰাজ্যই পৰীক্ষা স্থগিত ৰখাৰ আৰ্জি দি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ কংগ্ৰেছ শাসিত ৰাজস্থান, মহাৰাষ্ট্ৰ, চট্টিছগড়, পশ্চিমবংগ, পঞ্জাৱ আৰু ঝাৰখাণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন আৰ্জি দি পৰীক্ষা স্থগিত কৰাৰ দাবী জনাইছিল যদিও আজি আৰ্জি খাৰিজ কৰে৷

ক’ৰোনাকালত NEET-JEE পৰীক্ষা অনুষ্ঠিত হলে ছাত্ৰ-ছাত্ৰী বিপদৰ পৰাৰ কথা উল্লেখ কৰা হৈছিল৷ ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী ডা০ ৰঘু শৰ্মা, চট্টিছগড়ৰ খাদ্য মন্ত্ৰী অমৰজিত ভগত, পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু, পশ্চিমবংগৰ আইন মন্ত্ৰী মলয় ঘটক, ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী ৰামেশ্বৰ ওৰাং, মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী উদয় আৰ সামন্তে উচ্চতম ন্যায়ালয়ত আৰ্জি দিছিল৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ ১৭ আগষ্টৰ ৰায়দানক পুনৰ বিবেচনা কৰিবলৈ কৈছিল উচ্চতম ন্যায়ালয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে