ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ পৰম্পৰাগত নেতৃত্বৰ বিৰুদ্ধে দলটোৰ ভিতৰচৰাত সৃষ্টি হোৱা বাক-বিবাদৰ পিছতে সোমবাৰে দিল্লীত অনুষ্ঠিত হয় কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক। প্ৰায় ৭ ঘণ্টা ধৰি চলা এই বৈঠকত দলৰ নেতৃত্ব প্ৰদানক লৈ আলোচনা হয়। জানিব পৰা মতে, এই বৈঠকতে কংগ্ৰেছে আগন্তুক ৬ মাহৰ ভিতৰত দলৰ অধ্যক্ষ নিৰ্বাচন কৰাৰ সিদ্ধান্ত লয়। তেতিয়ালৈকে ছোনীয়া গান্ধীয়েই কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
উল্লেখ্য যে, সমগ্ৰ দেশত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ নেতৃত্ব গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো জ্যেষ্ঠ নেতাক অৰ্পণ কৰা সন্দৰ্ভত গুলাম নবী আজাদ, শশী থৰুৰ, কপিল চিব্বল আদি ভালেকেইজন জ্যেষ্ঠ নেতাই ছোনীয়া গান্ধীলৈ পত্ৰ লিখিছিল।
ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আজি অনুষ্ঠিত হোৱা দলৰ ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুল গান্ধীয়ে ছোনীয়ালৈ পত্ৰ লিখা নেতাসকলৰ বিজেপিৰ সৈতে মিলা-মিছা আছে বুলি মন্তব্য কৰে। কিন্তু মিডিয়াৰ এই বাতৰি ভুৱা বুলি কৈ ৰাহুলে তেনে কোনো মন্তব্য কৰা নাই বুলি পিছত কংগ্ৰেছে স্পষ্ট কৰি দিয়ে।