ডিজিটেল ডেস্কঃ ক’ৰোনা ভাইৰাছ, লক-ডাউনৰ ফলত দেশৰ সামূহীক ঘৰুৱা উৎপাদন (জিডিপি) অত্যাধিক কম হোৱা দেখা গৈছে৷ এই বিত্তীয় বৰ্ষৰ আৰম্ভণি হোৱাৰ সময়তে (এপ্ৰিল-জুন) ভাৰতৰ জিডিপি ২৩.৯ শতাংশ হৈছে নিম্নগামী হোৱা দেখা গৈছে৷ ইয়াৰ পূৰ্বৰ ছয় মাহৰ তুলনাত ২৪ শতাংশ জিডিপিৰ পতন হৈছে৷
৬৮ দিনীয়া লক-ডাউন আৰু ক’ৰোনাৰ সংক্ৰমণৰ ফলত দেশৰ অৰ্থনীতি স্তদ্ধ হৈছে৷ সোমবাৰে প্ৰকাশিত এপ্ৰিল-জুনৰ দেশৰ অৰ্থনীতি ২৩.৯ শতাংশ সংকুচিত হৈছে৷ এনে পৰিস্থিতি বিগত ৪০ বছৰত ভাৰতত দেখা পোৱা হোৱা নাছিল৷
দেশৰ অৰ্থনীতিৰ এনে ভয়াবহ পৰিস্থিতি ইয়াৰ পূৰ্বে কেতিয়াও অহা নাছিল৷ ইয়াৰ লগতে যদি জুলাই-চেপ্তেম্বৰত এনে পৰিস্থিতি জাৰি থাকে তেন্তে কেন্দ্ৰীয় চৰকাৰ অৰ্থনৈতিক সমস্যাত পৰিব বুলি ধাৰণা কৰা হৈছে৷ ৰেটিং সংস্থা ক্ৰিশিলে আংশকা কৰা মতে, চতুৰ্থবাৰ দেশ এনে মন্দা অৱস্থাৰ সন্মুখীন হৈছে৷ কিন্তু এইবাৰৰ মন্দা সকলোতকৈ ভয়াবহ হ’ব৷