বৰপথাৰঃ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ দাবীত সৰুপথাৰত আজি প্ৰতিবাদ সাব্যস্ত হয়। ধনশিৰি মহকুমা চূতীয়া ছাত্ৰ সন্থাই নিজা কাৰ্যালয়ৰ পৰা সমদল কৰি আহি ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
দীৰ্ঘদিন ধৰি চৰকাৰে চুতীয়া সকলৰ লগতে ৬ষ্ঠ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ চুতীয়া ছাত্ৰ সন্থাৰ। কেৱল নিৰ্বাচনৰ সময়তহে ভোটৰ লোভত চুতীয়া সকলৰ লগতে ছয় জাতিক জনজাতিকৰণৰ ললীপপ দিয়াৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে।
আজিৰ প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসম চৰকাৰ হুঁচিয়াৰ, অৰ্জুন মুণ্ডা হায় হায়, ভাৰত চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্র মোডী মিচলীয়া, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক অতি শীঘ্রেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত ধনশিৰী মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্রীলৈ এক স্মাৰক পত্ৰ পদান কৰে।