উত্তৰ প্ৰদেশত ৭ মাৰ্চত সপ্তম আৰু অন্তিম পৰ্যায়ৰ ৫৪ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছতে ৫ ৰাজ্যৰ ভোটগ্ৰহণ সমাপ্ত হয়৷ গোৱা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, পঞ্জাৱত ভোট গণনা আৰম্ভ হৈছে৷ পুৱা প্ৰথমে বেলটা পেপাৰৰ ভোট গণনা আৰম্ভ হয়৷ আনহাতে ৮ বাজি ৩০ মিনিটৰ পৰা ইভিএমৰ গণনা আৰম্ভ হৈছে৷
উত্তৰাখণ্ডঃ উত্তৰাখণ্ডৰ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত, বিজেপিয়ে বাম্পাৰ আসন লাভ কৰিছিল। বিজেপিয়ে ৫৬ খন আসন লাভ কৰিছিল। ইয়াৰ উপৰি কংগ্ৰেছে ১১ খন আসন লাভ কৰিছিল আৰু তিনিখন আসন আন দললৈ গৈছিল। উত্তৰাখণ্ডত ২০১৭ চনত ৬৫.৫৬ শতাংশ ভোটদান হৈছিল, আনহাতে এইবাৰ ৬৫.৩৭ শতাংশ ভোটদান নথিভুক্ত হৈছে।
গোৱাঃ ৪০ খন আসন থকা গোৱাত বিজেপিয়ে ২০১৭ চনত ১৩ খন আসন আৰু কংগ্ৰেছে ১৭ খন আসন লাভ কৰিছিল। অৱশ্যে, বিজেপিয়ে মিত্ৰজোঁট গঠন কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। এমজিপিয়ে তেতিয়া ৩ খন আসন দখল কৰিছিল আৰু আনসকলে ৭ খন আসন লাভ কৰিছিল।
উত্তৰ প্ৰদেশঃ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত, ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে উত্তৰ প্ৰদেশত ৩২৫ খন আসন লাভ কৰিছিল। সমাজবাদী পাৰ্টিয়ে ৪৭ খন আসন লাভ কৰিছিল৷ আনহাতে বিএছপিয়ে মাত্ৰ ১৯ খন আসনত সন্তুষ্ট হ’ব লগা হৈছিল। কংগ্ৰেছৰ ঘৰলৈ ৭ খন আহে৷ আনহাতে আৰএলডিয়ে এখন আসনত জিকিছিল।
মণিপুৰঃ ২০১৭ চনত মণিপুৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ২৮ খন আসন লাভ কৰিছিল৷ আনহাতে বিজেপিয়ে ২১ খন আসন লাভ কৰি সহযোগী দলৰ সৈতে চৰকাৰ গঠন কৰে৷ আন আন দলে ১১ খন আসন লাভ কৰিছিল৷ মণপিৰত বিধানসভাৰ আসনৰ সংখ্যা ৬০ খন৷