জয়ন্ত মুদৈ, বেবেজীয়াঃ পাঁচ বছৰ পূৰ্বে সংঘটিত হোৱা এক হত্যাকাণ্ডৰ মুল অভিযুক্তক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ আৰিমাৰী চৰৰ পৰা জুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জুৰীয়াৰ বালুচৰ ফুৰহানিআটি গাঁৱৰ আব্দুল আজিজক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম৷ ২০১৭ চনত মোজাম্মেল হক নামৰ এজন ব্যক্তিক মাটি-বাৰী সংক্ৰান্তিয় বিবাদৰ বাবে চতলমাৰি বিলত হানি খুচি হত্যা কৰিছিল আব্দুল আজিজে৷ হত্যাকাণ্ডৰ সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে অনুুুুসন্ধান চলাই আব্দুল আজিজক অভিযুক্ত হিচাৰে চিনাক্ত কৰি ভাৰতীয় দণ্ড বিধিৰ ৪৪৭/৩২৬/৩০২ ধাৰাত ৭১/২০১৭ নম্বৰত এক গোচৰ পঞ্জীয়ণ কৰিছিল৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল আব্দুল আজিজ৷ সুদীৰ্ঘ পাঁচ বছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা আব্দুল আজিজক অৱশেষত এক গোপন সূত্ৰৰ পম খেদি জুৰীয়া আৰক্ষীয়ে আৰিমাৰী চৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷