ডিজিটেল ডেস্কঃ সংৰক্ষণৰ দ্বাৰা চিকিৎসা ক্ষেত্ৰৰ ডিগ্ৰী লোৱাৰ পিছতে এতিয়াৰ পৰা কমেও ৫ বছৰ গ্ৰাম্য এলেকাত সেৱা কৰিব লাগিব একো একোজন চিকিৎসকে৷ সোমবাৰে দেশৰ শীৰ্ষ আদালতে স্নাতকোত্তৰ শ্ৰেণীৰ চিকিৎসকৰ নামভৰ্তিত সংৰক্ষণত সন্মতি প্ৰদান কৰি ৫ বছৰ জকাইচুক, পাহাৰীয়া নতুবা আদিবাসী এলেকাত কাম কৰিবলৈ মত পোষণ কৰে৷ আদালতে এয়া উচিত বুলি কয়৷
দীঘদিন ধৰি চিকিৎসা বিষয়ৰ ছাত্ৰই স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিত ইনছেনটিভ ব্যৱস্থা সলনি কৰি সংৰক্ষণ ব্যৱস্থা কৰিবলৈ দাবী জনাই আছিল যদিও গুৰুত্ব প্ৰদান নকৰাত অৱশেষত এক আবেদন জনাইছিল আদালতত৷
শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় দি কয় যে চিকিৎসকলৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক বাধা দিব নোৱাৰি আৰু এই ক্ষেত্ৰত কোনো আইন নাই। আদালতে ৰাজ্যসমূহক নতুন নিয়মাৱলী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দি কয় যে এই ক্ষেত্ৰত মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই দায়িত্ব লোৱা নাই৷ সেয়েহে সংবিধান মতে ৰাজ্য চৰকাৰে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব। পুন প্ৰকাশ হ’বলগীয়া দ্বিতীয় তালিকাত প্ৰয়োজন সাপেক্ষে সংৰক্ষণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব পাৰিব।
সাংবিধানিক বিচাৰপীঠে ৰাজ্য চৰকাৰসমূহক সংৰক্ষণৰ প্ৰাপ্ত প্ৰাৰ্থীসকলক ডিগ্ৰী লোৱাৰ অন্তত কমেও ৫ বছৰ জকাইচুক, পাহাৰীয়া নতুবা আদিবাসী এলেকাত কাম কৰিবলৈ চৰ্ত বান্ধি দিয়া উচিত বুলি কয়৷ পূৰ্বে হৈ যোৱা নামভৰ্তিৰ ছাত্ৰসকল এই প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত নহ’ব বুলি কয় আদালতে।