March 20, 2023, 10:04 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

৫৪ টা বসন্ত অতিক্ৰম কৰিলে ঐতিহাসিক অসম কৃষি বিশ্ববিদ্যালয়, গৌৰৱময় দিনটোত উলিয়ালে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

Reporter Name
  • Update Time : Friday, April 1, 2022
  • 97 Time View

যোৰহাটঃ ৫৪ বছৰত ভৰি দিলে উজনিৰ ঐতিহাসিক অসম কৃষি বিশ্ববিদ্যালয়ে৷ আজি গৌৰৱময় দিনটোত বৰ্তমানৰ ছাত্ৰ সমাজ, প্ৰাক্তন ছাত্ৰ সমাজ আৰু শিক্ষকসমাজে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই প্ৰতিষ্ঠা দিৱস পালন কৰে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সভাও অনুষ্ঠিত হয়৷ সভাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান (কৃষি শিক্ষা) ড০ আৰ চি আগৰৱালা উপস্থিত থাকি বহনক্ষম কৃষি উৎপাদন বৃদ্ধিৰ বাবে উচ্চ কৃষি শিক্ষাৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ বুলি কয়৷ এই জ্ঞানে গৱেষণা সামৰ্থতাৰ বিকাশ তথা চলিত প্ৰযুক্তি আৰু নতুন কাৰ্যকুশলতা বৃদ্ধিত সহায় কৰিব পাৰে। কৃষি উদ্যোগ অতি সংবেদনশীল আৰু প্ৰযুক্তিগতভাবে উচ্চ আৰু জটিল। সেয়ে এই দিশত সামৰ্থতা থকা ব্যক্তিৰ অতি প্ৰয়োজন। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস বক্তৃতা আগবঢ়াই এই মত ব্যক্ত কৰে ড০ আৰ চি আগৰৱালাই। পৰিবৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা’ শীৰ্ষক এই বক্তৃতাত তেখেতে লগতে কয় যে দেশৰ কৃষি গৱেষণা আৰু উন্নয়নত বৰ্ধিত কৰ্মকুশলতা আৰু মানৰ সম্পদৰ সামৰ্থতা বৃদ্ধি কৰাটো প্ৰধানিক দায়িত্ব। যথোচিত শিক্ষাৰ জৰিয়তে অধিক যোগ্য, জ্ঞান পিপাসু, বহুল আৰু বহনক্ষম কৰি তুলি নতুন আৰু অধিক শক্তিশালী প্ৰত্যাহ্বান মোকাবিলা কৰি অসাধাৰণ সম্ভাৱনাসমুহৰ সমাধানসুত্ৰ উলিওৱাৰ দিশত ভূমিকা গ্ৰহণ কৰিব লাগিব। সমগ্ৰ ভূমিখণ্ডৰ পৰিসৰত অহা কেইটামান বছৰত কৃষিক্ষেত্ৰত লেখত লবলগীয়া পৰিবৰ্তন হ’ব৷ সেয়ে এই ক্ষেত্ৰই শিক্ষিত পেচাদাৰী যথোচিতভাৱে যোগান ধৰি ভৱিষ্যতৰ খাদ্য সুৰক্ষাৰ দিশত যত্নবান হ’ব লাগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত বক্তৃতানুষ্ঠানটোত দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানীগৰাকীয়ে লগতে কয় যে সামৰ্থবৃদ্ধি আৰু সীমাৰেখা উন্নয়নৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ মানৱ সম্পদ গঢ় দি কৃষি যোগান শৃংখলদাল সমৃদ্ধ কৰি ভৱিষ্যতৰ কৃষিৰ প্ৰত্যাহ্বান সমুহ মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি শিক্ষা আৰু গৱেষণাৰ জৰিয়তে বৰ্ধিত কৃষি উৎপাদন, অৰ্থনৈতিক প্ৰভাৱ আদিৰ দিশবোৰ বিবেচনা কৰি কৃষি আৰু কৃষক কল্যাণ বিভাগ, গ্ৰাম্য উন্নয়ন, খাদ্য সংসাধন উদ্যোগ আদি ক্ষেত্ৰলৈও অৰিহণা যোগাইছে। সেই দিশেৰে কৃষি বিশ্ববিদ্যালয় সমুহেও সম্পদ আহৰণ কৰি নিজকে স্বনিৰ্ভৰ কৰি তুলিবলৈ আচনি যুগুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আদৰণি ভাষণত উপাচাৰ্য ড০ বিদ্যুত চন্দন ডেকা ই কয় যে ৫৪ বছৰ পূৰ্বে আশাৰ সপোনেৰে আৰম্ভ হোৱা আমাৰ বিশ্ববিদ্যালয়খনে এই সুদীৰ্ঘ পৰিক্ৰমাত বহু উল্লেখনীয় সফলতা লাভ কৰিছে। আমাৰ বিজ্ঞানী গৱেষকৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবে খাদ্যশস্যৰ উৎপাদন বৃদ্ধিত বহু সফল হব পৰা গৈছে। ৰাজ্যৰ সমগ্ৰ কৃষিভূমিৰ প্ৰায় ৬২ শতাংশ ভূমি আমাৰ উদ্ভাৱিত বীজেৰে পৰিপূৰ্ণ হৈ আছে। ১•৫ লাখ হেক্টৰ ভূমি আমাৰ উদ্ভাৱিত ৰঞ্জিত ধানেৰে ভৰি আছে। একেদৰেই আমাৰ প্ৰযুক্তিৰে ৰবি শস্যৰ দিশটো গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা গৈছে। আমাৰ কঠোৰ কৰ্মসূচীৰ বাবেই আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। আমি এই অংশৰ শক্তিশালী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছো আৰু কৃষি শিক্ষা,গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আমাৰ নিত্যনতুন প্ৰয়াস অব্যাহত থাকিব। সহকাৰী অধ্যাপিকা ড০ প্ৰিয়দৰ্শিনী ভৰালীয়ে আত ধৰা অনুষ্ঠানটো গ্ৰেভেঞ্চ ৰিড্ৰেচেল চিষ্টেম, উইড ৰিপজেটৰী আৰু ই লাৰ্ণিঙ ভিডিঅ শীৰ্ষক তিনিটা অনলাইন চিষ্টেম উন্মোচন কৰা হয়। ইয়াৰ পূৰ্বে ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই পতাকা উত্তোলন কৰি স্মৃতি তৰ্পন কাৰ্যসূচী আৰম্ভ কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাইয়ে পৰিচালনা কৰা কৰা এক অনুষ্ঠানত উপাচাৰ্যই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে। শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, সাংস্কৃতিক কাৰ্যক্ৰম, দেশপ্ৰেমমুলক তথা কৃষিভিত্তিক বিভিন্ন বিভিন্ন উপস্থাপাপিত হয়। শোভাযাত্ৰাত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ সহস্ৰাধিক শিক্ষাৰ্থী তথা গৱেষকে অংশগ্ৰহণ কৰে। সন্ধিয়া বিশ্ববিদ্যালয়ৰ মুল ভৱনসমুহ আলোকিতকৰণ কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী সমাপ্ত হয়।

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে