৯ বছৰৰ মূৰকত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰৰ অন্তত আজি পুৱাৰে পৰা অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয়৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪ বাজি ৩০ মিনিটত শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয়। তিনিটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ লগতে নিগমৰ অধীনৰ ৫৭টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ প্ৰায় ৫০ শতাংশ লোকে মাথো ভোটদান কৰে৷ মহানগৰীৰ নাগৰিকে ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত নহ’ল৷ কিন্তু এইবেলি মহানগৰবাসীয়ে উন্নয়নৰ স্বাৰ্থত জনমত দিয়ে৷
পুৱাৰে পৰা গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোট অনুষ্ঠিত হয়৷ তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী৷ এইবেলি ৯ বছৰৰ মূৰকত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিৰোধী ছেদেলী-ভেদেলী হৈ পৰাৰ বিপৰীতে অগপ আৰু বিজেপিয়ে শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি চৰ্চা হয়৷ ইপিনে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে প্ৰথমবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত থিয় দিয়া দেখা গৈছে৷ আনহাতে প্ৰধান বিৰোধী দল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতিয়ে কলকাতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ কেইবাখনো ৰাজ্যত শোচনীয় পৰাজয়বৰণ কৰা কংগ্ৰেছ দল ৰাজ্যৰ প্ৰধান বিৰোধী দল যদিও শক্তিশালী ৰূপত বিজেপিৰ বিৰুদ্ধে থিয় দিয়াৰ পৰিৱৰ্তে নিজৰ মাজতে বাদ-বিসম্বাদত ব্যস্ত থকা দেখা গৈছে৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপি আৰু অগপৰ প্ৰাৰ্থীসকলৰ হৈ খোদ নিৰ্বাচনী প্ৰচাৰত নামে৷ ইপিনে বিজেপি আৰু অগপৰ শীৰ্ষ নেতা, দুটো দলৰ প্ৰায় ৭০গৰাকী বিধায়ক, সকলো মন্ত্ৰী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাত ব্যস্ত হৈ পৰা দেখা গৈছিল৷ যাৰ বাবে এইবেলি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ হাই ভল্টেজ প্ৰচাৰ হৈ পৰে। অগপ, বিজেপি, এজেপি, কংগ্ৰেছ, আম আদমী পাৰ্টীৰ ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য কাইলৈ EVMত বন্দী হয়। মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা EVM সমূহ নি নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল ভোটগ্ৰহণ কৰে। প্ৰথম বাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছে EVM।
মহানগৰীৰ ৫৭টা ৱাৰ্ডত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে মহানগৰ আৰক্ষীয়ে। মুঠ ২৫৭টা কেন্দ্ৰৰ ভোটগ্ৰহণ কেন্দ্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে শান্তিপূৰ্ণ ভাৱে ভোট সম্পন্ন কৰে। ২ হাজাৰৰ অধিক পুলিং, প্ৰিজাইডিং বিষয়া নিয়োগ কৰিছিল। গুৱাহাটীত ৮০টা ভোট কেন্দ্ৰ পৰিচালনা কৰে কেৱল মহিলাই। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৯০ গৰাকীয়ে বেলটত ভোট দিছে।