ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱা জাৰি কৰা তথ্য মতে, মঙলবাৰে দেশত ধৰা পৰিছে ৯০,১২৩গৰাকী ক’ৰোনা ৰোগী৷ ইয়াৰ লগে লগে ভাৰতত ক’ৰোনা ৰোগীৰ সংখ্যা ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিলে৷ বিগত ২৪ ঘণ্টাত ১২৯০গৰাকী সংক্ৰমিত ৰোগীৰ মৃত্যু হৈছে৷ ভাৰতত এই পৰ্যন্ত ৫০ লাখ ২০ হাজাৰ হৈছে মুঠ ৰোগীৰ সংখ্যা আৰপ ৯ লাখ ৯৫ হাজাৰ ৰোগী চিকিৎসাধীন হৈ আছে৷ আনহাতে ৩৯ লাখ ৪২ হাজাৰ ৰোগী হস্পিতাল এৰাৰ লগতে ৮২ হাজাৰ ৰোগীৰ মৃত্যু হৈছে৷