গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ শাসক-বিৰোধী ব্যস্ত হৈ পৰিছে৷ বিভিন্ন প্ৰতিশ্ৰুতি দি শাসক-বিৰোধীয়ে মহানগৰীৰ ৰাইজৰ মাজত সোমাই পৰিছে৷ তাৰ মাজতে আজি নকৈ ভূমিষ্ঠ হোৱা অসম জাতীয় পৰিষদে গুৱাহাটীৰ ৰাইজক প্ৰতিশ্ৰুতি দি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে৷ ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ২৫গৰাকী প্ৰাৰ্থী থিয় কৰোৱা অসম জাতীয় পৰিষদে ইস্তাহাৰ মুকলি কৰি বহু কেইটা প্ৰতিশ্ৰুতি দিছে৷ ‘সুপ্ৰভাত গুৱাহাটী’ শীৰ্ষক ইস্তাহাৰত দলটোৰ ৰাজধানী মহানগৰীৰ বাবে হাতত লোৱা পৰিকল্পনাৰে বিষয়ে প্ৰকাশ কৰিছে৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু কাৰ্যকৰী সভাপতি জগদীশ পাটগিৰিৰ উপস্থিতিত ‘সুপ্ৰভাত গুৱাহাটী’ মুকলি কৰি গুৱাহাটীবাসীক পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ মহানগৰীৰ প্ৰতিটো উপ–পথ পকীকৰণ, ৫০ ইউনিট বিদ্যুৎ মাছুল ৰেহাই, চিচিটিভি কেমেৰা স্থাপন, ষ্ট্ৰীট লাইট বহুওৱা, বিজ্ঞানসন্মত জাৱৰ নিষ্কাশনৰ ব্যৱস্থা কৰা, শিশু উদ্যান, জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা, ৱাৰ্ডে ৱাৰ্ডে নাগৰিকক চিকিৎসা, ভৰলু নৈৰ দুইপাৰে বিউটিফিকেচন প্ৰকল্প সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ সভাপতি লুৰিণজ্যোতি গগৈয়ে ‘সুপ্ৰভাত গুৱাহাটী’ মুকলি কৰি কয় যে পৰিকল্পনাৰ অভাৱত ৰাজ্য চৰকাৰে ধনৰ অপব্যৱহাৰ কৰিছে৷ ভৰলু নৈৰ খনন চলিল যদিও পৰিস্কাৰ নহ’ল৷ গুৱাহাটী উন্নয়ন নহয় লুণ্ঠণৰ কেন্দ্ৰ কৰিছে চৰকাৰে৷ মুখ্যমন্ত্ৰীয়ে পূৰ্বে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী থকাৰ পিছতো গুৱাহাটীৰ উন্নয়ন নহ’ল বুলি অভিযোগ আনে গগৈয়ে৷ ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি দলৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ দাবী, চৰকাৰৰ সদিচ্ছাৰ অভাৱত মহানগৰবাসীৰ মৌলিক সমস্যা সমাধান নোহোৱা বুলি কৈ সত্তৰ দশকৰ হবিবুৰ ৰহমানৰ ‘গুৱাহাটীত আৰু কেথানো নাযাওঁ’ গীত প্ৰাসংগিক হৈ পৰা বুলি কয়৷