ডিজিটেল ডেস্কঃ দৈনন্দিন ব্যৱহৃত প্ৰতিবিধ সামগ্ৰীৰে দাম বৃদ্ধিৰ সময়তে এইবাৰ দাম বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰত৷ প্ৰতিলিটাৰ গাখীৰত দাম বাঢ়িব ৪ টকাকৈ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই শেহতীয়াকৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ এক আগষ্টৰ পৰা দাম বৃদ্ধি পাব গাখীৰৰ৷ এতিয়াৰ পৰা প্ৰতি লিটাৰত ৫০ টকাৰ বিপৰীতে ৫৪ টকা হ’ব প্ৰতি লিটাৰ গাখীৰৰ দাম৷