মানিকপুৰঃ বানৰ তাণ্ডৱৰ পিছতে বঙাইগাঁও জিলাৰ মানিকপুৰ এলেকাত খহনীয়াৰ ব্যাপক তাণ্ডৱ আৰম্ভ হয়৷ প্ৰতিবছৰে বান আৰু খহনীয়াৰ তাণ্ডৱৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ বিস্তৰ ক্ষতিসাধান হয়৷ যোৱা কেইবাটাও বছৰৰ দৰেই এইবেলিও খহনীয়াৰ ভয়াবহ ৰূপ ধাৰণ কৰাত বহু পৰিয়ালৰ সম্পত্তি মানাহ নৈৰ বুকুত জাহ গৈছে৷ মানাহ নৈৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি মানুকপুৰৰ বৰৈচালাত ২৫টা পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যায়৷
বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিত মানাহ নৈৰ খহনীয়াত জপেয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰৈচালাত ৪৮ ঘণ্টাৰ ভিতৰত প্ৰায় ২৫টা পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকুত বিলীন কৰে। শ শ বিঘা কৃষিভূমি নৈত জাহ যোৱাত গাঁওখনৰ মানচিত্ৰ সলনি হৈছে। নৈৰ খহনীয়া ইমানেই ভয়ংকৰ ৰূপ লৈছে যে কম সময়তে গাঁওখনৰ অস্তিত্ব নাইকীয়া হৈ পৰিব৷
ৰাস্তা ঘাট অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হৈছে। নৈ পৰীয়া লোকসকল হাহাকাৰ পৰিবেশৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। কিন্তু স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। জিলা প্ৰশাসনো কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ তুলিলে ৰাইজে।