টীয়কঃ ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। নিতৌ কোৱিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰাত চিকিৎসালয়ত ব্যস্ততা বাঢ়িছে। এই সময়ত চিকিৎসালয় সমূহত চিকিৎসাকৰ্মীসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে। এনে সময়তে চিকিৎসালয়সমূহত অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি স্বাস্থ্য বিভাগে অন্যায় কৰাৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে, তিনিবছৰ পূৰ্বে ৰাজ্যত অস্থায়ী ভাৱে নিয়োজিত স্বাস্থ্য কৰ্মীসকলে চৰকাৰী সকলো সা-সুবিধা প্ৰদানৰ দাবী লৈ উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল৷ উচ্চ ন্যায়ালয়ত অস্থায়ী স্বাস্থ্য কৰ্মীসকলে তৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১০ বছৰৰ অধিক কাল কৰ্মৰত অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্য কৰ্মীসকলক চৰকাৰী সকলো সা-সুবিধা প্ৰদানৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ মৰ্যদাৰে স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।
কিন্তু ন্যায়ালয়ে এই ৰায় দিয়াৰ প্ৰায় ৩ বছৰ কাল উকলি গ’ল। স্বাস্থ্য বিভাগে ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমানৰ জটিল পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়সমূহত কৰ্মৰত অস্থায়ী স্বাস্থ্য কৰ্মীসকলে দিনে-নিশাই নুন্যতম সা-সুবিধাতে সেৱা আগবঢ়াই আহিছে। টীয়কৰ এফ আৰ ইউত নিয়োজিত এনে স্বাস্থ্যকৰ্মীসকলেও আগবঢ়াই আহিছে বিশেষ সেৱা।
কিন্তু স্বাস্থ্য বিভাগে এই পৰ্যন্ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ উজাৰিছে স্বাস্থ্য খণ্ডৰ যুঁজাৰুৱে। অনতি পলমে বিষয়টোক গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ দাবী জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ ওচৰত৷